জীৱন-বাল্মিকা দত্ত

©Admin
0
হাজাৰ প্ৰশ্নই আলোড়িত কৰি তোলা
এক কোমল চম্পাৰ কলি জীৱন ,
যিয়ে ঢৌৱে ঢৌৱে ৰাগিনী তোলে
ৰিণিকি ৰিণিকি ৷

সাগৰ সদৃশ প্ৰত্যাহ্বানৰ মাজত
মহাসাগৰ সদৃশ সপোনৰ কল্লোল,
অপ্ৰাপ্তিৰে পৰিপূৰ্ণ কস্ততাৰ সৈতে
প্ৰাপ্তিৰ ৰণাঙ্গন ৷
এফালে অপমান নেওচি দৃঢ়প্ৰতি,
আনফালে ব্যৰ্থতাৰ মাজত সাফল্যৰ চেলেঞ্জ 
নিৰবিচ্ছিন্ন তমসাৰ বুকু ভেদি
দিপাৱলীৰ আগমন
এয়ে হয়তো জীৱন।

কি যে অপৰূপ এই জীৱন!
জীৱনে মৰণে ৰণে লহৰী সুধাৰ
চকুতে চকুৰ নীৰে লয় জিৰণি ।।

✍️বাল্মিকা দত্ত
লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)