গ্ৰীষ্মৰ দেই পৰা ৰদত মলয়া শীতল বতাহজাক
শীতৰ ঠেটুৱৈ লগা জাৰত উমাল জুইকুৰাক উম
জীৱনৰ খলা-বমা পথৰ বাটকটীয়া জন
শুকান মৰুৰ মাজত এপিয়লা পানী দিয়াজন
যাৰ অবিহনে জীৱনটো অসাৰ্থক
গতিহীন অৰ্থহীন অনৰ্থক
নিজৰ জীৱনৰ সকলো সুখ শান্তি ত্যাগ দি
আমাৰ জীৱন গঢ়িবলৈ কপালৰ ঘাম মাটিত পেলাই কষ্ট পৰিশ্ৰমেৰে আগুৱাই নিয়া মহাৰথীজনেই তুমি
মোৰ গুৰু মোৰ ভগৱান
মোৰ ঈশ্বৰ মোৰ দেউতা
তুমি
ভগৱান আছে যদিও নাই দেখা
কিন্তু তুমিয়েই মোৰ ঈশ্বৰ
মই আছোঁ তোমাৰ কাষতে কোৱা জন
তুমিয়েই মোৰ সাহস
তোমাৰ আকাশতেই ডুব যায় মোৰ সপোনৰ হেঙুলীয়া বেলিটি
মোৰ উৎসাহ দুগুণে বাঢ়ে যেতিয়া চকু তুলি চাওঁ তোমাৰ সহজ,সৰল,স্বচ্ছ হাঁহিভৰা মুখটি💓
ভাল আৰু বেয়াৰ ব্যৱধান শিকোৱা জন
ধনৰ তলি উদং থাকক দিয়া...কিন্তু মনোবলেৰে সপোন দেখিবলৈ শিকোৱা জন
চকু পানীয়ে আজিলৈকে মুখৰ হাঁহিকন উনা কৰিব নোৱাৰা ব্যক্তিজন
ফটা জোতাত তাপলিৰ ওপৰত তাপলি দি পিন্ধি মোক উমাল কাপোৰ কিনি দিয়াজন
জীৱন জিপাল কৰা এক প্ৰকাণ্ড বট বৃক্ষ
হেজাৰ দুখতো সন্তানৰ সুখত বিভোৰ হোৱা জন
শূন্য পকেট ধৰিও আশাৰ বিশাল আকাশত দেউ দি উৰিব শিকোৱা জন
সময়ে দিয়া ঘাবোৰৰ প্ৰতিক্ৰিয়া নেদেখুওৱাকৈ সহিব পৰা জন
নিজে নাখাই আমাৰ তৃপ্তি পলোৱাবলৈ হাড় ভঙা শ্ৰম কৰা জন
গেঞ্জীৰ ফুটা কোনেও ধৰিব নোৱাৰাকৈ লুকুৱাই আমাক নতুন কাপোৰ দিবলৈ হেতা-ওপৰা লগোৱাজন
মিছাৰ নিচাত ভোল নোজোৱাজন
জীৱনৰ ওলট-পালট ৰাজনীতি সলসলীয়াকৈ জনা জন
দুখত নিজৰ কলিজা সিজাই সিজাই আমাক হাঁহি দেখুৱাব পৰা জন
একমাত্ৰ তুমিয়েই "দেউতা"
মাঁৰ নামত তো বহুতে কবিতা ৰচে
দেউতাৰ অৰ্থ মাত্ৰ কঠোৰ ৰঙা চকুহাল বুলি হে পথিৱীয়ে জানে
কিন্তু দেউতাৰ হিয়াৰ চাৰিসীমাৰ লেখ কোনে দিব পাৰে?
দেউতা মানেই আপদীয়া বুঢ়াটো নহয়
হাজাৰ ভুল ক্ষমা কৰি সাৱটি ধৰাজন
নিজৰ আশাবোৰৰ ডিঙি চেপি আমাৰ সপোনবোৰত সেউজী আভা বুলোৱাজন
দেৱতাৰ আন এটা ৰূপ সংক্ষিপ্তে "দেউতা"
✍️সুকন্যা সোনা
লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ