চিন্তন~প্ৰবন্ধ-জয়িতা চক্রৱর্তী

"কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।।"
                          - শ্ৰীমন্ত শংকৰদেৱ।
          ঈশ্বৰৰ সৃষ্টি প্ৰতিটো বস্তুৱেই সুন্দৰ, পৱিত্ৰ আৰু জীৱন্ত। এই বিশাল জগত, এই প্ৰকৃতি সকলো ঈশ্বৰৰ সৃষ্টি, সকলোতে ঈশ্বৰ বিৰাজমান। এই জগতখন চলন আৰু বহনৰ বাবে মানুহ তথা প্ৰকৃতিৰ প্ৰতিটো জীৱ-জন্তুৰ ভূমিকা সমানেই গুৰুত্বপূৰ্ণ। ই অতি ক্ষুদ্র পৰুৱাই হওক কিংবা বিশাল হাতীয়েই, প্ৰতিটোৱেই নিজ নিজ ভূমিকাত অদ্বিতীয়। সেয়ে আকাৰ আকৃতি কিংবা আন কোনো ভৌতিক বৈশিষ্ট্যৰ আধাৰত কাকোৱেই বিচাৰ কৰাটো ভুল। কিন্তু এই ভুল মানৱ প্ৰজাতিত যেন সহজাত প্ৰবৃত্তি স্বৰূপ, বাৰে প্ৰতি কৰা হয়। হয়তো জীৱশ্ৰেষ্ঠ বুলি নিজেই এই অধিকাৰ মানৱ কুলে সাব্যস্ত কৰি লৈছোঁ। কিন্তু আচল প্ৰশ্নটো হল এই যে, 'জীৱশ্ৰেষ্ঠ' উপাধিটো মানৱ জাতিক বাৰু জীৱকূলৰ কোনটো শ্ৰেণীয়ে প্ৰদান কৰিছিল? গৰু বা বাঘ কিংবা বনৰ ৰজা সিংহই সম্বৰ্ধনা সভা পাতি মানুহ জীৱশ্ৰেষ্ঠ বুলি ঘোষণা কৰাৰ কিবা তথ্য উপলদ্ধ আছে নেকি??
মোৰ বোধেৰে, প্ৰথমতে ই মানৱ জাতিয়ে নিজেই নিজক দিয়া অহংকাৰৰ জয়মালা। দ্বিতীয়তে যদি মানি লোৱা হয় যে মানুহ জন্মগতভাৱে যুক্তি আৰু বুদ্ধিত উত্তম বাবেই এই সন্মানৰ যোগ্য, তেন্তে মানুহে নিজৰ জীৱনকালত এবাৰলৈও চিন্তা কৰা উচিত যে ঈশ্বৰে এই বুদ্ধিমত্তা, যুক্তিস্বত্ত্বা-বিবেক কেৱল মানৱ জাতিকেই কিয় প্ৰদান কৰিলে? কিয় ঈশ্বৰে নিজৰ সৃষ্টিতেই এনে বিভেদ কৰিলে? ইয়াৰ আঁৰত কিবা বিষম উদ্দেশ্য আছিল নেকি? ঈশ্বৰে কোনো মহৎ উদ্দেশ্য সাধনৰ বাবে মানুহক জ্ঞান, বুদ্ধিৰে পুষ্ট কৰি এখন আশাৰ ধৰিত্ৰী গঢ়িছিল নেকি? যদি এয়া হয়, তেন্তে আমি মানৱ জাতিয়ে বাৰু সেই মুখ্য ভূমিকা যথাযথভাৱে পালন কৰিছোঁ নে? শ্ৰেষ্ঠত্বৰ অহংকাৰত আমি স্বাৰ্থপৰ আৰু লোভী হৈ পৰা নাইতো? জ্ঞানহীন, অবুজ আন জীৱকূলৰ হিতৰ বাবে আমাৰ যি কৰণীয় আছিল বা দায়িত্ব আছিল তাক আমি অগ্ৰাহ্য কৰি আমাৰ স্বাৰ্থৰ গণ্ডী সীমিত কৰি পেলোৱা নাইতো?? ঈশ্বৰে হয়তো আমাক পৰমাৰ্থী হবলৈ এই চিন্তাশক্তি বৰদান দিছিল। কিন্তু আমি হয়তো যাক আত্মস্বাৰ্থতেই শেষ কৰি পেলাইছোঁ। মানুহৰ চিন্তাশক্তিৰে এই কথাখিনি অন্তত নিজৰ ক্ষুদ্ৰ জীৱনকালত এবাৰ হলেও চিন্তা কৰা উচিত। মানৱ জন্মৰ উদ্দেশ্য কেৱল পৃথিৱীৰ সমস্ত সুখ-স্বাচ্ছন্দ্য উপভোগৰ বাবেই নেকি? নিজৰ সন্তান, পৰিয়ালৰ দায়িত্ব পশু-পক্ষী কিংবা জীৱকূলেও আমাৰ দৰে সমানে পালন কৰি আহিছে। আমি মানুহ হৈ তাতকৈ বেছি কি দায়িত্ব, কৰ্তব্য পালন কৰিছোঁ? যদি কৰা নাই, তেন্তে জীৱশ্ৰেষ্ঠ উপাধিটো আমাৰ বাবে গ্ৰহণযোগ্য হ'ব নে?? জীৱনৰ অন্তিমত ইয়াৰ গুৰুভাৰত লাঞ্ছনা ভোগ কৰিব পৰা শক্তি আমাৰ থাকিবনে???
             মই ভাবোঁ, মানুহৰ যি চিন্তাশক্তি, বিচাৰ- বিবেচনা শক্তি সেয়া আনৰ সমালোচনাত অপচয় কৰাতকৈ নিজৰ আত্ম-সমালোচনাত প্ৰয়োগ কৰিলে বেছি উপকৃত হব। অন্যথা, মানৱ জন্ম জীৱকূলত শ্ৰেষ্ঠ হৈ নাথাকিব, মানৱ আৰু পশুৰ মাজত চাৰিত্ৰিক বিভেদ নাইকিয়া হ'ব। ভূপেনদাই কোৱাৰ দৰে যদি মানৱ দানব হয়, লাজ বাৰু কোনে পাব? তেতিয়া হয়তো ঈশ্বৰৰ বহু আশাৰ সৃষ্টিও অথলে যাব...!!!!
                     
✍️জয়িতা চক্রৱর্তী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send