বীৰ জোৱানৰ বাবে পত্নীয়ে প্ৰেৰণ কৰা সুখ-দুখৰ বতৰা~নীলা খামৰ চিঠি-জয়শ্ৰী দাস

©Admin
0
প্ৰতি দিনাংক-৯-১১-২০২০
       মোৰ মৰমৰ প্ৰিয়তম,

পোন প্ৰথমতে মই মোৰ হৃদয়ৰ নিভৃত কোণত তোমালৈ বুলি সাচি ৰখা মৰম বোৰ চিঠিৰ ভাঁজতে যাঁচিলো। আশা কৰো তুমি ভালেই আছা। তুমি জানানে তুমি অবিহনে মই নিজকে বৰ অকলশৰীয়া অনুভৱ কৰি আছো। মা-দেউতা ওচৰত আছে যদিও কেতিয়াবা এনে লাগে মোৰ যেন আত্মাৰ একাংশ মোৰ লগত নাই। কেতিয়াবা ৰাতি উচুপি উঠো মই। তোমাৰ মৰমৰ কন্যা ৰাজকুমাৰী দুয়োজনীয়েও তোমাৰ কথা বৰকৈ সোধি মোক আমনি দিয়ে। কেতিয়াবা খং উঠি সিহঁতক বৰকৈ গালি পাৰো যদিও পিছত বৰ দুখ পাওঁ। সিহঁতৰ তোমাৰ লগত ফুৰিব যোৱাৰ বৰ হেঁপাহ। আৰু সেই দিনবোৰে বৰকৈ আমনি কৰে মোক। তুমি যে কৈছিলা, "আমাৰ দুটা সন্তান হ'ব, আৰু দুয়োকেই আঙুলীত ধৰি আমি সদায় আবেলি ফুৰিব যাম। " তুমি চাগে দুৰ্গম ঠাইত থাকি মা' ধৰিত্ৰিৰ জয়জয়কাৰ কৰি আছা। কোনোবাই কৈছিল দুৰ্বলতা কেতিয়াও শান্তিৰ আহ্বান হ'ব নোৱাৰে আৰু সাহস, শান্তি প্ৰতিষ্ঠাৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত। তুমি সদায় সাহসী হৈ থাকিবা। তুমি জানানে দেশৰ বীৰ পুত্রৰ শৌৰ্য-পৰাক্ৰমৰ গাঁথা দেশৰ প্ৰতিবিন্দুত নিহিত হৈ আছে। তোমাৰ সেই ইচ্ছা শক্তি যি তোমাৰ চৌপাশে থকা পৰ্বত মালাতকৈও অটল, যিটো দেখি মই তোমাৰ প্ৰেমত পৰিছিলো। আৰু সেই ভূৱন ভূলোৱা হাঁহি তুমি ওচৰত নাথাকিলেও মোৰ হৃদয়ৰ স্পন্দনত প্ৰতি প'লে বাজি থাকে। মই জানো তুমিও অনুভৱ নকৰা নহয় মোৰ দৰেই হয়তো কৰ্তব্যই তোমাক আহৰি দিয়া নাই। 

                          তোমাৰ সাহস সেই উচ্চতাতকৈও উচ্চ হওঁক য'ত তুমি নিয়োজিত হৈ আছা। তোমাৰ পৰাক্ৰম সেই শিলতকৈও কঠিন হওঁক যিয়ে তোমাক আৱৰি আছে। তোমাৰ ইচ্ছা শক্তি তোমাৰ চৌপাশে থকা পৰ্বত মালাৰ দৰেই অটল থাকক সদায় মই তাৰে কামনা কৰো। মই তোমাৰ সদায় সেই প্ৰেৰণা দিয়া জনিয়ে হৈ থাকিব বিচাৰো ,তোমাৰ ধৰ্মৰ ভাগ লোৱা তোমাৰ সহধৰ্মিনী জনি হৈয়ে থাকিব বিচাৰোঁ। 
     
                    শেষত তোমাৰ সুস্বাস্থ্যৰ কামনা কৰিলো আৰু তোমাৰ উত্তৰৰ অপেক্ষাত থাকিলো।

                                 ইতি
              তোমাৰ মৰমৰ তোমাৰ অৰ্দ্ধাঙ্গিনী
                          প্ৰিয়তমা

✍️জয়শ্ৰী দাস
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)