যাত্ৰা-অনুপম হাতীমূৰীয়া

©Admin
0
ওঁঠ ৰঙৰ আকাশখন খেদি খেদি 
নামি আহে আন্ধাৰৰ নৈ

ক্ৰমশ: টোপনিত ঢলি পৰে মোৰ চৌপাশ
আৰু মই জপিয়াই পৰোঁ সেই আন্ধাৰৰ নৈত 

পোহৰৰ দুটি এটি মাছৰ পোনা মই খেপিয়াই ধৰোঁ
সিহঁতক আনি মোৰ হৃদয়ত মেলি দিওঁ 
আৰু নিৰ্ভয়ে গৈ থাকো অটল আন্ধাৰৰ তলিলৈ |

পৃথিৱী তুমি মোক এই আশ্বাস দিয়া - 
ভয়ানক ক'লা ক'লা আন্ধাৰৰ সিপাৰে ৰৈ আছে 
ৰক্তৰ দৰে উত্তাপ 
আৰু বজ্ৰৰ দৰে পোহৰ |

✍🏻অনুপম হাতীমূৰীয়া
বাকচু , শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)