এটি কবিতা-সুমন্ত নায়ক

©Admin
0
এটি কবিতা

মই কবি নহয় , কিন্তু মনে মনে জন্ম হোৱা 
অজ্ঞাত অনুভূতিৰ প্ৰকাশক , 
মোৰ শব্দবোৰ মিলনয়ুক্ত সমুজ্জ্বল নহয়। 
মই যিবোৰ লিখো তাৰ সকলো চৌপাশে 
বিদ্যামান , হয়টো একো নহয়। 
কেতিয়াবা কবিতাৰ কাব্যিক উদ্দেশ্যে বোৰ লৈ ভাবো ,
তোমাৰ কাষত কবিতাটিৰ গুণবোৰ , 
প্ৰধান বুলি মানি লওঁ সেইটো সত্য। 
এটা কবিতাৰ ৰূপ কথাবোৰ , 
হাঁহি গান আৰু বেদনাৰ শক্তিমান। 
এটা কবিতা ভাল পোৱাৰ চিন্তা নহয় , 
কিছু চিন্তা ভাল পোৱাৰ বিষয় হে , 
এটা কবিতা কেতিয়াও অভিপ্ৰায় হ'ব নোৱাৰে, 
কিন্তু এটা কবিতা আবেগপ্রৱণ
হৃদয়ৰ পৰা হয় । 


✍️ সুমন্ত নায়ক
দৰং 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)