জীয়া নৈ-ছাইফুদ্দিন আহমেদ

জীৱনটোক মোৰ
নিজ হাতেৰে সজাই পৰাই
তুমি ক’লৈ গুচি গ’লা ৷

এই বিশাল পৃথিৱীৰ বুকুত
মই আছোঁ তোমাৰ অবিহনে
আত্মা বিহীন হৈ ৷

মাতাল বুকুখনৰ মাজেৰে
বৈ আছে দুচকুৰ পাৰ ভাঙি
অশ্ৰুজলৰ এখনি জীয়া নৈ ৷

তোমাৰ যৌৱনৰ উন্মাদনা
চাগৈ শাম কাটিছে
গতিকেই মোৰ জীৱনে এতিয়া
বাস্তৱিকতাৰ লগত যুঁজিছে ৷

লৈছা তুমি মোৰ নিভাঁজ মৰমৰ
বৰষুণ এজাকেৰে তোমাৰ
মন ফুলনিৰ গোলাপ জোপাৰ ৰঙা
কলিটিক বাৰু ধুই পখালি ৷

তোমাৰ উকা হাত দুখনে দি
জ্বলাই দিছা তোমাৰ আৰু মোৰ
শত প্ৰেমৰ সাঁকোখনি ।

সিহঁতে কয় ,
অ সেইবাবেই সিহঁতে কয় ,
আছোঁ মই নিৰ্জনতা ভেদি
জনকোলাহলৰ মাজতেই 
কিন্তু এটি নিহতৰ ক্ৰন্দন হৈ ৷

তথাপিও আছোঁ ৰিণিকি ৰিণিকি
তোমাৰ ছাঁ বিচাৰি
সাতোখন জগত চলাথ কৰি
মোৰ সপোনৰ পৰি আহা তুমি
স্বপ্ননীল আকাশলৈ যাওঁ ব’লা উৰি উৰি ৷

মেঘৰ আঁৰতে যে লুকাই আছা
কিয় নো নোচোৱা এবাৰ হাঁহি
তোমাৰ অবিহনে হৃদয়খনে
মোৰ যে নিজকে নাপায় বিচাৰি ৷

✍🏻ছাইফুদ্দিন আহমেদ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send