কৃষক বিদ্ৰোহ~মনৰ কথা-জুলহাছ আলী আহমেদ

©Admin
0
দিল্লীত কৃষক বিদ্ৰোহৰ মাজৰ পৰা ভাহি আহিল সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন, যিটো নিদৰ্শনে সাম্প্ৰতিক সময়ৰ সম্প্ৰীতিৰ বাৰ্তা হিচাপে পৰিগণিত হৈছে। হে বিভেদকামী শক্তি তোমলোকৰ ইমানখিনি ক্ষমতা নাই যে, তোমালোকে ভাৰতবাসীৰ একতা আৰু ভাতৃত্ববোধক হত্যা কৰিব পাৰিবা। এই মনোমোহা, ভাল লগা তথা অন্তৰ চুই যোৱা দৃশ্য বা ছবিখনলৈ মন কৰক মুছলিম-অমুছলিম ভাই সকলে কি দৰে একেলগে, একে পাত্ৰত খোৱা খাদ্য প্ৰস্তুত কৰি আছে। যিটো সময়ত একাংশ সাম্প্ৰদায়িক বিভেদকামী শক্তিয়ে আমাক ভাগ ভাগ কৰিবলৈ নানা ষড়যন্ত্র ৰচি আছে তেনে সময়তে দিল্লীত আহি জমা হোৱা বিভিন্ন ৰাজ্যৰ লাখ লাখ বিদ্ৰোহী কৃষকসকলে দেখুৱাই দিলে সমন্বয়ৰ এই অপূৰ্ব নিদৰ্শন। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষি আইন বাতিলৰ দাবীত 'দিল্লী চলো' কাৰ্যসূচী হাতত লৈ পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আদি ৰাজ্যৰ পৰা প্ৰায় তিনি লাখ কৃষকে ৰাজধানী দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে একপ্ৰকাৰ বিদ্ৰোহৰ সূচনা কৰে। কৃষি আইনৰ বিৰোধীতাৰে দিল্লীলৈ বুলি অহা লাখ লাখ পুৰুষ-মহিলা কৃষকসকলে তিনি মাহৰ খাদ্য সামগ্ৰীৰ লগতে নৈশ যাপনৰ বাবেও টেন্টলৈ অহা দেখা গৈছে। প্ৰথমাৱস্থাত প্ৰতিবাদী সকলক দিল্লীত প্ৰবেশৰ ক্ষেত্ৰত বাধা দিবলৈ সৰ্ব্বতো প্ৰকাৰে চেষ্টা কৰিছিল যদিওঁ পৰৱৰ্তী সময়ত লাখ লাখ প্ৰতিবাদী জনতাৰ ৰুদ্ৰমূৰ্তি দেখি কেন্দ্ৰীয় চৰকাৰ কিছু নমনীয় হবলৈ বাধ্য হয় আৰু কৃষকসকলক প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়ে। প্ৰতিবাদী কৃষক-শ্ৰমিকসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 'ইন্দিৰা গান্ধী মৈদাম'ত এতিয়ালৈকে লাখৰো অধিক প্ৰতিবাদী কৃষকে উক্ত মৈদামত টেন্ট লগাইছে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সদৰি কৰা মতে অহা এসপ্তাহৰ ভিতৰত কৃষকসকলৰ সৈতেং আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় চৰকাৰ। আমি আশাবাদী যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে কৃষকসকলৰ মৰ্ম বেদনা উপলব্ধি কৰি তেওঁলোকৰ ন্যাৰ্য দাবীসমূহ মানি ল'ব, কাৰণ কৃষকেই হৈছে ভাৰতৰ মেৰুদণ্ড। কৃষকৰ হাড়ভঙা কষ্টৰ ফলশ্ৰুতিতেই দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী হয়, তেনেস্থলত কৃষকৰ 'মন কি বাত' হৃদয়ংগম কৰা উচিত। প্ৰসংগত; আজি যি সকলে ধৰ্ম, জাত-পাতলৈ মিছাতে পানী ঘোলা কৰাত সময় নষ্ট কৰি আছে সিহঁতে অযথা মূল্যবান সময়ৰ অপচয় নকৰি এশএবুৰি সমস্যাৰে জৰ্জৰিত দেশ তথা ৰাজ্যৰ মূল মূল সমস্যাবোৰ সমাধানাৰ্থে আহোপুৰুষাৰ্থ কৰা উচিত তাৰোপৰি জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধানত অধিক গুৰুত্ব প্ৰদান কৰক, ইয়াতেই তেওঁলোকৰ মঙ্গল নিহিত হৈ আছে। মনত ৰখা ভাল হ'ব যে, হিন্দু-মুছলমানক ভাগ ভাগ কৰা ইমান সহজসাধ্য নহয়, ওপৰৰ ছবিখন চালেই সেইটো জল জল পট পটকৈ স্পষ্ট হৈ পৰে। আমাৰ ধৰ্ম বেলেগ হ'ব পাৰে, পিছে আমি এক ঈশ্বৰৰ দাস। আমি একেজন পিতৃ-মাতৃৰ সন্তান। আমাৰ আছে তেজৰ সম্পৰ্ক। আমি পৰস্পৰৰ বংশধৰ, তেনেস্থলত আমাক পৃথিৱীৰ কোনো শক্তিয়েই দুভাগ কৰিব নোৱাৰে।

✍️জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)