বিধৱা-টিনামণি বড়া

©Admin
0
ঠিকনা টো সলনি হ'ল 
বেলিবিহীন কপালত অজস্ৰ হুমুনিয়াহ 
সুচল বাটতো অলেখ অৱৰোধ 

এই বাটে নাযাবি ৰজা গা ধোৱা ঘাট 
এই সাজ নিষিদ্ধ ৰাইজখনে বেয়া বুলিব

চঞ্চলা মনত কাঁইটে আঁচোৰে 
বিষতকৈ বেদনা গধুৰ 
শেৱালি সাজ পিন্ধা দিনাই 
বৰপেৰাত আপুনি সোমাল গৈ 
সেন্দুৰীয়া বাটৰ সীমাহীন ফাকু ।

✍️টিনামণি বড়া 
মৰাণ, ৰাঙলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)