নীলা খামৰ চিঠি-হিৰণ্যময়ী বৰুৱা

প্ৰতি 
বাস্তৱ 
তুমি বৰ নিষ্ঠুৰ।কেইবাখনো চিঠি দিয়াৰ পাছতো তুমি মোক একোকে নক'লা দেখোন ।মনে মনে ৰৈ গ'লা কিয়?
হৃদয়ৰ কথাবোৰখুলি ক'ব পৰাটো এটা ঔষধ। চাওঁতে চাওঁত দিনবোৰ বাগৰে। হৃদয়ৰ কথাবোৰ ৰৈ যায়।সকলোৰে মনত দুখ সুখৰ কথাবোৰে তাপলি মাৰে।নিশ্চয় তোমাৰ অন্তৰতো কিছুমান কথাই তাপলি মাৰিছে চাগৈ।পৃথিৱীখন বৰ ভয়লগা হৈ উঠিছে জানা।জীৱনটোৰ গতিপথ কেতিয়া সলনি হয় ,এইয়া কোনেও নেজানে।তুমিও নেজানা ময়ো।
বৃদ্ধ বয়সতহে বন্ধুবৰ্গৰ লগ লাগে।
জীৱনটো পানী হিলৈ।
বিধে বিধে খেতি কৰোতেই দিন ,বাৰ,মাহ গ'ল।কিন্তু হৃদয়ৰ কথাবোৰহে কোৱা নহ'ল। চাওঁতে চাওঁত পুৰণা দিনে মূৰ সলালে।নতুন দিনৰ সূত্ৰপাত ঘটিল।মনত ৰৈ যোৱা কিছুমান কথা তোমালৈ টোপোলা বান্ধি থৈছো।চিঠিৰ উত্তৰ যেনে তেনে দিবা বুলি আশা কৰিলোঁ।

✍️হিৰণ্যময়ী বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send