ব্যস্ততা~কবিতা-তৃপ্তি শইকীয়া হাজৰিকা

©Admin
0
তোমাৰ পৰা মই নিবিচাৰোঁ 
আৰু সময় ,
নিবিচাৰোঁ এটি ফোন ক'ল
নালাগে তোমাৰ মোহিনীৰ
মিঠা মাত...
ব্যস্ত থাকা তুমি তোমাৰ পৃথিৱীত 
আৰু শুনিব নিবিচাৰোঁ 
প্ৰত্যেক দিনাই কোৱা এষাৰি কথা
ব্যস্ত এতিয়া বহুত
পূৰ্ণতা পাইছিল কথাবোৰে এদিন 
তোমাৰ আশাৰ গভীৰত;
আজি তুমিয়েই ওভতনিৰ পথত
তথাপিও,
মনে যে বিচাৰে শুনিবলৈ 
তোমাৰ এষাৰি মাত
"কুশলে আছানে তুমি ?"
নালাগে তোমাৰ মাতষাৰিও
যদি নাথাকে তাত আন্তৰিকতা 
নালাগে খবৰ লবলৈ তুমি 
যদি নাথাকে অকণো আগ্ৰহ,
ব্যস্ত থাকা তুমি 
তোমাৰ পৃথিৱীত ।

✍তৃপ্তি শইকীয়া হাজৰিকা,মৰান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)