মোৰ অনুভৱ,অতীত আৰু বৰ্তমান~অনুভৱ-মীনা পামে গাম

©Admin
1
আমিবােৰ সাক্ষী ।
ৰেডিঅʼৰ পৰা টিভিলৈ,
টাইপ ৰাইটাৰৰ পৰা কম্পিউটাৰৰ
 দিনলৈ ।
Keltron টিভিৰ পৰা LCD টিভিলৈ ।
চৌকাৰ পৰা গেছত ৰন্ধা দিনলৈ - 
টেলিগ্ৰামৰ যুগৰ পৰা টেলিফোনলৈ -- 
টেলিফোনৰ পৰা মোবাইললৈ ॥
৮০ দশকত আপোনাৰ এটা আজি ফোন আহিব (ঘৰৰ landline অত)  বুলি জনাইছিল
আৰু সেইদিনা ফোনকলতো ধৰিবলৈ খাপ পিতি বহি থাকিব লগীয়া হৈছিল ।

এতিয়া দুবছৰীয়া কেচুঁৱায়ো ফোন কৰিব জানে । Internet অৰ পৰা ডাউনল'দ কৰি গান শুনিব পাৰে । গেম খেলিব পাৰে - য'ত আশী বছৰীয়া আইতাই ফোন মাত্ৰ ৰিচিভ কৰিব পাৰে বা কিছুমানে নোঁৱাৰে ॥ 
যুগৰ যন্ত্ৰৰ সতে চিনাকি আজিৰ নৱপ্ৰজন্মৰ ॥ সাক্ষী আমিবােৰ অযান্ত্ৰিক যুগৰ পৰা যান্ত্ৰিকতাৰ যুগলৈ ।
২/৩/৪ কিলোমিটাৰ দূৰৰ স্কুললৈ সকলোৱে খোজ কাঢ়ি অহা-যোৱা কৰিছিল । আজি দেশত ভয় - কোনো ল'ৰা ছোৱালীয়ে অকলে খোজ কাঢ়ি স্কুল যাব নোঁৱাৰে , কাৰণ শিশু অপহৰণকাৰীৰ বাবে ভয় আৰু যান বাহনৰ ভিৰৰ বাবে ...॥

মুকলি ফিল্ডত খেলা ধৰাকুট,  দৰা-কইনাৰ খেল আদি সজীৱ খেলবােৰ সেই দিনৰ মানুহৰ মনত সাঁচ  বহি ৰ'ল ।
আজিৰ নৱ প্ৰজন্মৰ খেল মোবাইল, কম্পিউটাৰ আদিত হে খেলে ; তেওঁলোকে 
মুকলি পথাৰৰ খেল খেলিবলৈ নাপায় ।
সেউজীয়া পথাৰৰ দুবৰি গছকি খেলা দিনবােৰ হেৰাই গ'ল ॥ কংক্ৰিটৰ কোঠাৰ মাজত আজি আৱদ্ধ শিশুসকল । 
পৃথিৱীখন ইন্টাৰনেট গুগুলে হাতৰ মুঠিতে পোৱা কৰিলে - আৰু লগে লগে মনবােৰ ঠেক হৈ গ'ল ॥
আজিৰ শিক্ষাৰ পাঠ্যক্ৰমবােৰ আগতকৈ বহুত বেছি পাঠ্য বা বিষয় সন্নিবিষ্ট থাকে - সেইবাবে চতুৰ্থ -ষষ্ঠ শ্ৰেণীতে গোটেই পৃথিৱীৰ কথা জানে । 
আজিৰ শিশুৱে বহুত সুবিধা পায় বহু বিষয়ৰ কথা শিকিবলৈ । 
সেই দুকুৰি বছৰৰ ছৱিখনত শিশুৱে আম, আমলখি,  জলফাই  আদি খাইছিল - আজিৰ শিশুৱে খায় ফাষ্টফুড, বাৰ্গাৰ, পিজা, দোচা আদিৰ সোৱাদ  লয় ।
জলপান  পিঠা-পনা আদি  আদ-বয়সীয়াৰ পৰা বৃদ্ধলৈকেহে  ভাল পায় ।

যুগৰ  যন্ত্ৰবােৰ আবিষ্কাৰ হ'ল ।
মানুহবােৰ যান্ত্ৰিক হ'ল ।
সময় সময় ॥
সলনি হয় ॥
সময়ৰ লগত মানুহে মিলি যাব লাগিব ।
আগতে মানুহক টকা হাতে হাতে দিছিল ।
এতিয়া ঘৰতে বহি গুগুল পে কৰিব পাৰে ।

মই আধুনিক যুগৰ যান্ত্ৰিকতাৰ বিৰোধী নহয় --
ছৱি আঁকিছাে সময়ৰ মাথোঁ - য'ত পাইছাে 
পুৰণিৰ পৰা নতুন যুগ ।
সময়ক আঁকি থব বিছাৰিছাে ।
চক্ষুকে দেখা কথাবােৰ মনৰ পৰা কাগজলৈ 
নিব বিছাৰিছাে ।

চাৰিটা দশকত কিমান পৰিবৰ্ত্তন পৃথিৱীত ॥
সেউজীয়া পৃথিৱী কংক্ৰিতলৈ পৰিবৰ্তন !!
বিজ্ঞানৰ যুগত আবিষ্কাৰে মানুহৰ জীৱন ধাৰণ সুচল কৰি আনিছে ।
আমি যুগৰ লগত মিলি যাব লাগিব - অকলশৰীয়াকৈ নিজা মনেৰে চলিব নোঁৱাৰে ।
যুগৰ নদীৰ ঢৌত সকলোৰে নাও চলে - আপুনি ময়ো চলাব লাগিব ।

পৃথিৱীত আৰু কিমান আগবাঢ়ে ...।
ৰৱটে কাম কৰা যুগ ।
পদ পথেৰে যোৱাৰ প্ৰশ্ন একবিংশ শতিকাত সাঁথৰৰ দৰে ।
বাহন বিহীন যাত্ৰাৰ মৃত্যু ॥॥॥

হাতেলিখা পান্ডুলিপিৰ পৰা মোবাইল টাইপলৈ পৰিবৰ্তন ।
প্ৰেছত বা বাতৰি কাকতত দিয়া কমি কমি - মোবাইলতে মানুহে লিখি প্ৰকাশ কৰে ॥
মানুহ বহুত লিখক বহুত ।
এইতো তাচ্ছিল্য নকৰিব - আপোনালোকেই বিশেষ লেখক বুলি !!!
বহু ভাল লেখক বিৰিণাৰ আঁৰে আঁৰে লুকাই আছে - মাথো প্ৰদৰ্শনৰ ক্ষেত্ৰৰ অভাৱ ।
কিছুমান হাত-চাপৰি মাৰিব পৰা লেখাৰো অনাদৰ হয় - লেখক লেখক, বহুত লেখক ;
উচিত বিচাৰৰ প্ৰয়োজন ॥

সময়ৰ !
যুগৰ ছৱি আঁকি থব বিছাৰিছো -শব্দেৰে ।
মই লেখক,  আৰু ছৱি আঁকো শব্দেৰে !!
শব্দেৰে ছৱি আঁকো যুগৰ ॥
ছৱি আঁকো - বৰ্তমানৰ, অতীত আৰু এতিয়াৰ যুগৰ ।
অতীতবােৰ লিখি ৰাখিম কাগজত ।
বৰ্তমান বােৰ .....ৰৈ আছে দুৱাৰ দলিত ॥

ৰাস্তাৰ বোকাপানী আৰু জুলাই মাহৰ ঘামবােৰেৰে অঁকা গালবােৰ স্মৃতি আছিল আৰু স্মৃতিবােৰ সময়ৰ ছৱি কৰিলো আৰু
এটা যুগৰ বতৰা ।

জুলাই মাহৰ ধাৰাসাৰ বৰষুণত ভীমপৰা - ঘাগৰলৈ যোৱা ৰাস্তাত কেচাঁ বৰষুণ গছকি যোৱা বাটবােৰ এটা স্মৃতি । বৰষুণৰ পানী গছকি ভাল পাইছিলো ॥ 
ছাতি সৰকা বৰষুণবােৰেওঁ আমনি নকৰিছিল  শৈশৱত।

 ✍মীনা পামে গাম

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment