যন্ত্ৰণা~কবিতা-বিষ্ণু পণ্ডিত

1
ভুল হৈছিল হয়তো তেতিয়া, 
যেতিয়া মই তোমাৰ সৈতে চিনাকি হৈছিলো , 
যেতিয়া তুমি ভাল নোপোৱা বুলি জানিও দেৱ দাসৰ দৰে সপোনে দিঠকে মাথো তোমাৰে কল্পনা কৰিছিলো.....
কিন্তু এতিয়া..... 
এতিয়া মই তোমাৰ পৰা আঁতৰি আহিছো... 
নিবিচাৰো এতিয়া আৰু তোমাক এন্ধাৰত ... নিচিঞৰো মাজ নিশা তোমাৰ নাম লৈ, 
অথবা নকটাও এতিয়া আৰু উজাগৰী নিশা.....
উভতি আহিছো এতিয়া এখন নতুন দেশলৈ, 
যত মোক দুখ, যান্ত্রনা কোনেও চিনি নাপায়। আকৌ আৰম্ভ কৰিম মই এটি সুন্দৰ নিখুদ জীৱন....
য'ত মোৰ লগৰী হব আকাশ বতাহ আৰু প্রয়াসী হব নদ-নদী.....।

🖋️বিষ্ণু পণ্ডিত
বিশ্বনাথ চাৰিআলি।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment