ইমান ধুনীয়া ছোৱালীজনী- পত্নী নীলাই কোৱা কথাষাৰত অৰ্ণৱে ছোৱালীজনীক লক্ষ্য কৰিলে।সাইলাখ গাভৰু আকাশী,ধুনীয়া আকাশীজনী যেন তাৰ কাষত থিয় হৈ আছে। আজিৰ সমাজৰ মুধাফুটা ব্যক্তি অৰ্ণৱৰ মনত পৰি গ'ল কেনেকৈ নতুনকৈ চাকৰি পাই সি আকাশীৰ চিঠিখনৰ উত্তৰ দিবলৈ সময়েই নাপালে, কিন্তু সি যেতিয়া ঘৰলৈ আহিছিল শুনিবলৈ পাইছিল অবিবাহিতা আকাশীয়ে ছোৱালী এজনী জন্ম দি মৃত্যক আকোঁৱালি লোৱা খবৰটো।নীলাই মুগ্ধ হৈ ছোৱালীজনীক বেচিকৈ লক্ষ্য কৰা দেখি তাৰ ভয় হ'ল কেনেবাকৈ ছোৱালীজনী দেখিবলৈ তাৰ লগতো মিল আছে যদি--!
************
🖋️দীপশিখা হাজৰিকা
ভালুকপুং
অৰুণাচল প্ৰদেশ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ