এটি আঘোণী পুৱাৰ অনুভৱ-কবিতা~দিব্যজ্যোতি ডেকা

Rinku Rajowar
0
কাঁচিয়লিজাক গাত লাগিছেহি
হৈমন্তী সূৰুযে মেঘৰ সৈতে
বাৰ্তালাপ কৰিছে...
শীতৰ উমাল পুৱাটি
 উদ্ যাপন কৰিম
কেইটিমান মিঠা অনুভৱৰ টুকুৰাৰে...
তেওঁ কৈছে-
এটি চুটি কবিতা লিখিবা
মই আশ্বাস দিলো-হ'ব বুলি
আপুনিও আহিব
স্বাগতম ! ব্যাসৰ সন্তান সকলৰ বৰসবাহলৈ....
আজি আমি একেলগে দাঙিম
আঘোণৰ পথাৰত
কবিতাৰ মেটমৰা ভাৰ।

🖋️দিব্যজ্যোতি ডেকা।
ছিপাঝাৰ (দৰং) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)