নীলা খামৰ চিঠি~হিৰণ্যময়ী বৰুৱা

©Admin
0

প্ৰতি 

বাস্তৱ, তোমাৰ পৰা চিঠি নাপাই মনটো বেয়া লাগিছিল যদিও মই তোমাৰ খবৰ পালো।অৱশ্যে ফোন নম্বৰটো লবলৈহে পাহৰিলো।
মানুহৰ হৃদয়জুৰুৱা মন।মনে যিহেতু বন্ধুৰ খবৰ লব বিচাৰে।
তুমি বর্তমান বহুত ব্যস্ত। তোমাৰ পত্নীৰ পৰাই উমান পালো।তোমাৰ পত্নীৰ মাত কথাবোৰে মোক বহুত সময় বান্ধি ৰাখিলে।কথাপাতি ভাল লাগিল যদিও তোমাৰ অসুস্হতাৰ কথা জানিব পাৰিলোঁ।তোমাৰ উচ্চ ৰক্তচাপ আৰু চেনিজাতীয় খাদ্য বেছি খোৱাৰ কাৰণে চুগাৰ বাঢ়িছে।সাৱধানে চলিবা।মানুহৰ জীৱন এনেকুৱাই।চিন্তা কৰি নাথাকিবা।
ৰাতিপুৱা আবেলি খোজ কাঢ়িবা।শৈশৱলৈ মনত পৰে জানা। তুমি আৰু মই পঢ়াশালিলৈ যাওঁতে বাটত কিমান যে কথা পাতিছিলো।এনেবোৰ কথা আজিও মনত পৰে।
থাওকতে কব বিচাৰিছোঁ তুমি কুশলে থাকা ।তোমাক এবাৰ দেখা কৰাৰ বৰ হেঁপাহ আছিল।কিন্ত কি জানানে মোৰো বেমাৰ হৈছে।স্বাস্হ্য একেবাৰে 
বেয়া।অসমগছৰ বিষম গতি।তুমি বুজিছা চাগৈ।পৃথিৱীলৈ আহিছো যেনেকৈ যামগৈ তেনেকৈ মাজতে মাত্ৰ দুটা দিন তুমি আৰু মই।সময় হ'লে গুচি যাম এই পৃথিৱীৰ পৰা।জীৱন এক কচুপাতৰ পানী। ঘৰৰ বেলকণীত বহি লৈ মুকলি আকাশখনিলৈ চাই থাকো।আই আৰু পিতাই কেতিয়াবাই তৰা হল।আমাৰ লৰা ছোৱালীহতেও হয়তো আমি গুচি যোৱাৰ পাছত এনে কথাকে চিন্তা কৰি আকাশলৈ চাই ৰব। তুমি বাৰু এনেবোৰ শূণ্যতাৰ কথা চিন্তা কৰানে বাৰু?
তোমাৰ সুস্বাস্হ্যৰ কামনা কৰিলো।

মৰমেৰে
✍হিৰণ্যময়ী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)