কবিতা~প্ৰেমিক চৰাই মই-হাইছউদ্দিন আহমেদ

প্ৰেমিক চৰাই মই -ছিৰিজ(৭১)

সপোন তুমি কলৈ গুছি গ'লা
ক'ত যে তোমাৰ ঠিকনা
পাম জানো তোমাক বিচাৰি
য'ত তোমাৰ বাসস্থানা

সপোন তুমি মাতিবা এবাৰ মোক ও
নাযাবা মোক অকলশৰীয়া কৰি এৰি
থাকিলে তুমি ভৰসা পাওঁ
জীৱন গতিৰ পথ বিচাৰি পাওঁ

সপোন তুমি থাকিবা মোৰ কাষতে
থাকিব সদায় মোৰ হৃদয়ৰ মাজতে
ৰাখিম তোমাক বৰ যত্ন কৰি
হৃদয়ত সাৱটি ৰাখিম ধৰি

সপোন তুমি সংগী হ'বা
মোৰ হৃদয়ৰ ভাৱনাৰ ভিতৰত থাকিবা
সফলতাৰ মুকুট পথাৰত থাকিবা
সপোন তোমাক লৈ জীৱন সজাই দিবা

ৰক্তিম  ৰঙত ৰঙা গোলাপ 
দিলা যেতিয়া হাতত তুমি নুবুজা যেতিয়া হাতত কাঁইট বিন্ধিব!
সপোন তোমাৰ প্ৰেমত প্ৰেমিক চৰাই 
গোলাপৰ ৰং চাই সকলো যাওঁ পাহৰি 

মনটোক কৰে তোমাৰ আৱেগে উতলা
কেতিয়াবা হৃদয়ক লৈ কৰে বহুতে খেলা
সপোন তুমি মোৰ প্ৰিয় 
তুমি কেতিয়াও নকৰিবা গোলাপৰ কাঁইটৰ দৰে ৰক্তাক্ত খেলা

সপোন তোমাক বিচাৰে মনটোৱে
সদায় ভাল পায় বিচাৰে কাষতে
সপোন তোমাৰ প্ৰেমত স্পৰ্শ কৰি
কেনেকৈ যাওঁ কোৱাচোন তোমাক এৰি?

✍হাইছউদ্দিন আহমেদ,নগাঁও

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send