নিসংগতা~কবিতা-মৃণাল কুমাৰ পাঠক

©Admin
0

 আজি মোৰ কেনভাচত তোমাৰ শূণ্যতা
তুলিকাত তোমাৰ অস্তযোৱা লেলিহান শিখা,
তোমাৰ তপ্ত ওঁঠত আজি
হৃদয়হীন কাঁইটৰ আঁচোৰ,

 মই এজন প্ৰেমৰ নগ্ন পথিক
মোৰ জীপাল ইতিহাস
মোৰ উকা ভবিষ্যত
নিৰ্লিপ্ত বাসনাত তুমি অন্ধ
আৰু মই জীৱনৰ যুঁজত
আৱদ্ধ।

ৰিক্ত অভিসাৰত বন্দী তুমি
গ্ৰহন লগা অমানিশা মোৰ ভাগ্যলিপি।

 মই সোনাৰুৰ ৰং ভাল পোৱা
 মাতাল প্ৰেমিক আছিলোঁ,
আজি বসন্তৰ বা' মোৰ বাবে ঘৃণনীয়,
উৱলি যোৱা নিসংগতা আজি মোৰ প্ৰিয়।

জীৱন বাটৰ বলিয়া বানত
বঠাহীন মোৰ অনুৰাগ
সৰাপাতৰ দৰে চকুলোৰে
ভাৰাক্ৰান্ত মোৰ  বিষাদ,
বিষন্নতাই ছানি ধৰা সপোনবোৰে
আমনি কৰে মোৰ প্ৰতিটো নিশা
তিক্ত
উদাস
বিষাদগ্ৰস্ততা
অপ্ৰাপ্তিৰ নীৰৱ নিৰাশা।।


✍মৃণাল কুমাৰ পাঠক
গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)