নদীৰ ছবি~কবিতা- আকাশ দাস


নদীখন ছবি হৈ
ঘৰলৈ বৈ যায়।
পাহাৰৰ মাজত থকা সূৰ্যই নিগৰায়।

নদীৰ খবৰ ৰখা গছজোপা ৰৈ থাকে
আঁচ থকা খিৰিকীৰ আঁৰৰ
ভিতৰ চাবলৈ।

খেৰৰ  মূধছ বৰষুণৰ সৈতে বৈ থকা!
বোকা মিহলি নদী,
নদীত মিহলি মাছ।

✍আকাশ দাস

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send