প্ৰেম এক অভিশাপ~কবিতা-তন্ময়ী দাস

©Admin
0
প্ৰেম এক জঘন্য অভিশাপ...
শেঁতা পৰা হাঁহি এটি
ৰঙীন ঢৌৰে বোৱাই নিবলৈ বাৰু
কিয় এখন নিকা হৃদয়ৰ প্ৰয়োজন হয় ??

মেঘেঢকা আকাশৰ নিৰ্মল চাৱনিয়ে
জোকাৰি পেলোৱা হিয়াখন আজি যেন...
এটি যেন ভাসমান কাঠ...
তেওঁৰ হেনো , বিলীনতাৰ চেঁচা সমাধিত
সমাধিস্থ হোৱাৰ অযুত হাবিয়াস।

তাই যে...
গোলাপী দুটি ওঁঠৰ কম্পমান উন্মাদনাই
জীয়াই তোলা এটি মধুৰ গান...।
শেৱালি সিক্ত দুবৰিৰ দলিচাত মুকুতা সৰা নিৰৱ অভিমান। 

স্তব্ধ ৰাত্ৰিৰ নিমাত চিঞৰ আৰু
জোৱাৰৰ ধোৱা যেন হৃদয়ৰ কাৰেংঘৰ ।
ঠাই নাই , প্ৰেমে পোৰা ফটা কলিজাখন
দহি চাই হ'ল...ইতিমধ্যে...তেওঁৰ ।

দেখোতাই দেখিছে..!
তেওঁ গ'লগৈ বুকুৰ তেজেৰে কবিতা লিখিবলৈ...।
"ইয়াত যে‌ তাই এটি হাঁহি মাৰিছিল"।
সেয়েহে প্ৰেম এক জঘন্য অভিশাপ ।

✍তন্ময়ী দাস,গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)