তুমি আহাঁ বুলি আগ্রহেৰে
বাট চাই আছিলোঁ,
তুমি আহি পালাহি
আজিকালিতো তোমাক
আদৰিবলৈ নাই সেই মানুহবোৰ, নাই আগৰ সেই ভেলাঘৰটোও।
আছে মাত্ৰ সেই দুখুনী পঁজা
তাতে আছে সেই ভেলাঘৰৰ পৰম্পৰা।
চহৰবোৰত চলে প্ৰতিযোগিতা ভেলাঘৰ আৰু মেজিৰ।
হেঁপাহৰ ভোগালী তোমাক
কৰিছো আমন্ত্ৰণ।
তিলপিঠা-,ঘিলাপিঠা,বৰপিঠা
তিলৰ লাৰু, নাৰিকলৰ লাড়ু
চুঙা পিঠা, চিৰা-দৈৰে তোমাক কৰিছো আমন্ত্ৰণ।
উৰুকালৈ উষ্ম আদৰণি
হাঁহ-পঠা আৰু কুকুৰা মাংস
ৰৌ--চিতল, ভকুৱা, ইলিছ
পাভ, কুহিয়ে ৰিঙিয়াই
মাতিছে ভোগালীক।
ভোগালী তুমি আহাঁ,
তোমালৈ সজাই থৈছো পিঠা।
মেজিঘৰ ভেলাঘৰৰ বৰপীৰা
তুমি বাৰু কোনফালে যাবা?
অৱশ্যে নাই সেই মেজি ভেলাঘৰৰ সোৱাদ,
সেইবোৰ হ'ল টকা ।
নাইচোন নামকীর্তন, উষাকীর্তন, মানুহ জগোৱা
সুৰীয়া কীর্তনঘোষাবোৰ।
তুমি কোনবিধ গ্ৰহণ কৰিবা বাৰু! কোনবিধ এৰিবা!
আমাৰ বাপুকণহতে আকৌ
এটুপি নধৰিলে নহৈছে নহয়,
সেইয়াহে বোলে বিহু
মদ আৰু সুৰা
ন'হলে বোলে ভোগালীৰ
নাথাকে মান,
হয় নেকি বাৰু দেখিছো
এয়ে সকলোতে প্রচলন
তুমি বাৰু কি কোৱা?
✍️ৰুনু দেৱী শৰ্মা, গুৱাহাটী
বহুত দিনৰ মূৰত এইটো কবিতা পাই ভাল লাগিল।
ReplyDelete