চালাম গনতন্ত্ৰ~কবিতা-হেমেন হাজৰিকা

Rinku Rajowar
0
      এক বেছি সাতটা দশকত
   মোৰ দেহৰ বকিয়াইদি
   উৰি যোৱা চৰাইৰ লগত
   আৰু এটা যোগ হ'ল ।

    ভোকাতুৰৰ ভোক
    আজিও একেদৰেই 
    থাকিল  ।

    চিলনীবোৰহে
    আগতকৈ নোদোকা হ'ল  ।

   সপোন দেখুৱাবলৈ
   পাখি জোকাৰি
   সকলো সাজু হৈছে  ।

   চালাম গনতন্ত্ৰ
  এতিয়া আৰু
  টোপনিত সপোন নেদেখো  ।

  সেই সপোন দেখাৰ
  প্ৰয়াস কৰিছোঁ
  যি সপোনে মোক
  শুবলৈ নিদিয়ে
  প্ৰতি ৰাতি সপোনৰ স্বাৰ্থত  ।

      🖋️হেমেন হাজৰিকা
           ঠিকনা- মিৰ্জা,কামৰূপ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)