গান মোৰ প্ৰাণ~গল্প-মানস প্ৰতীম মালী

©Admin
0
মানস আৰু ৰমেন দুয়ো ভাল বন্ধু।মানসৰ ঘৰখন অলপ দুখীয়া । দুখীয়া হ'লেও মানস আৰু ৰমেনৰ বন্ধুত্ব বিশুদ্ধ পানীৰ দৰে পৰিষ্কাৰ আছিল । দুয়ো মেট্ৰিকত ভাল ৰিজাল্ট কৰি একেখন কলেজতে পঢ়ি হাইচেকেণ্ডাৰী পৰীক্ষা দিলে । মানসৰ পৰীক্ষা বহুত  ভাল হ'ল কিন্তু ৰমেনৰ পৰীক্ষা বেয়া হল । পৰীক্ষা বেয়া হোৱা বাবে ৰমেনে অকনো বেয়া পোৱা নাছিল কাৰন ৰমেনে পঢ়ি বেয়া পাইছিল ।ৰমেনে সৰুৰেপৰাই গায়ক হোৱাৰ সপোন দেখিছিল । ৰমেনে পঢ়া সময়তো গান গাইছিল ।গানক ৰমেনে নিজৰ প্ৰান বুলি ভাৱিছিল । ৰমেনৰ দেউতাক অলপ অহংকাৰী আছিল । ৰমেনে বাহিৰৰ সুন্দৰ পৃথিৱীখনত ঘূৰি ফুৰাটো দেউতাকে বিচৰা নাছিল আৰু সেইবাবে গান গাই ভালপায় বাবে দেউতাকে এজন গায়কৰ গান গাবলৈ লগা প্ৰয়োজনীয় সকলোবোৰ বস্তু ঘৰতে কিনি আনি দিছিল  । পৰীক্ষা বেয়া হোৱাৰ বাবে দেউতাকে মানসৰ নানা উদাহৰণ দি  ৰমেনক  বৰ বেয়া বেয়াকৈ গালি পাৰিলে ।
গালি খালে ও ৰমেনে বেয়া পোৱা নাছিল আৰু তাৰ পিছদিনাৰ পৰা দেউতাকে ৰমেনক ঘৰৰপৰা ওলাব  মানা কৰিছিল , আৰু ৰমেনে গান গোৱা সকলোবোৰ বস্তু এটা কোথাত বন্ধ কৰি ৰমেনক কেৱল পঢ়িবলৈ দিছিল। সেই দিনাৰ পৰা ৰমেনে বহুত অকলশৰীয়া অনুভৱ কৰিছিল । মানসে ৰমেনক লগ কৰিব আহিছিল যদিও ৰমেনৰ দেউতাকে মানসক ওভতাই পঠাইছিল ।
ৰমেনে ঘৰত অকলে থাকি নৰকত থকা যেন অনুভৱ কৰিছিল আৰু এদিনাখন ৰমেনে আত্মহত্যাৰ দৰে চৰম পথ এটা বাচি লৈছিল যদিও ৰমেনৰ মৃত্যু নহ'ল । ৰমেনক দেউতাকে অতি সোনকালে হস্পিতালত ভৰ্ত্তি কৰিলে ‌। কথাটো মানসে গম পাই হস্পিতাললৈ আহিলে ।দেউতাক ৰমেনৰ লগতে আছিল । মানসে ৰমেনক কলে -- তই এনে এটা সিদ্ধান্ত কিয়  লৈছিলি । তেতিয়া ৰমেনে কলে -- মোৰ গাত যেনেকৈ দুটা কিডনী আছে তেনেকৈ এটা ফালে তই আৰু আনটো ফালে গান আছে ।আৰু যেতিয়া কোনোবাই মোৰ পৰা গান আৰু তোক আতৰাই পঠাব , তেতিয়া বাৰু মই কেনেকৈ জীয়াই থাকিম।মানস তই আৰু গান মোৰ প্ৰানৰ সমান ।
তেতিয়া ৰমেনৰ দেউতাকে কলে -- মানস মই তাক মোৰ দৰে চাকৰি কৰি এজন সুদক্ষ , সন্মান থকা মানুহ কৰিবলৈ খুজিছোঁ কিন্তু ।তেতিয়া মানসে কলে --খুৰা চাকৰি কৰি এই যে ৰমেনে এজন সুদক্ষ , সন্মান থকা মানুহ  হ'ব পাৰিব তেনে কথা নহয় , গান গাই ও সি বহু সুনাম অৰ্জন কৰিব পাৰে । গান ৰমেনৰ প্ৰান গতিকে খুৰা আপুনি  ৰমেনক গান গোৱাত
বাধা নিদিব , কাৰন ৰমেনে যদি জীয়াই নাথাকে তেতিয়া কোনে আপোনাৰ বাবে চাকৰি কৰিব ।।

✍মানস প্ৰতীম মালী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)