মই সলনি হ'লো মা-কবিতা~ৰিতুপন গোস্বামী

0
মেট্ৰিক পাছ কৰি কলেজত
নামভৰ্তি কৰিলোঁ মা। 
তোক এৰি থৈ আহিবলৈ
মন যোৱা নাছিল মা ।
কি কৰিম , যাবইটো লাগিবই।
যিদিনা ঘৰখন,তোক এৰি থৈ আহিছিলোঁ,    
সেইদিনাই মই সলনি হ'লো মাঁ।
 ঘৰৰ পৰা বাছত নুথালৈকৈ
তই মোক চাই আছিলি।
মই জানো তই তোৰ
আঁচলেৰে  চকুলো টুকিছিলি। 
মই তোক পিছুৱাই চাবলৈ মন নগ'ল আৰু মা। 

বাছৰ পৰা নামি ৰূমত সোমোই,
দেখিলোঁ চিগাৰেটৰ পেকেট, মদৰ গোন্ধ, কিম্বা বটল।
লগৰকেইটাই খাই শুই আছে।
মই কেতিয়া গৈ পালোঁ, তাহঁতৰ  খবৰে নাই।
মোক সুধিছে , কেতিয়া পালিহি বন্ধু?
মই ক'লো, যোৱাকালি সন্ধিয়া।
তহঁতে গম নাপাবি।
কিয়নো, তহঁতে মদৰ নিচাঁত শুই আছিলি।
এতিয়া মুখ- হাত ধুই কলেজ যাওঁ ব'ল! 

পঢ়া - শুনা শেষ হ'ল,
চাকৰি এটাও গোটাব 
পৰা নাই ও মা।
হতাশাত ভুগি ভুগি এতিয়া চিগাৰেটৰ সোঁৱাদ ,
মদৰ আমেজকে জীৱন বুলি ভাবি ললোঁ মা। 
ঘৰৰ পৰা ওলাই আহি মনটো ভাল লাগিছিল,
তোৰ আৰু গালি শুনিব নাপাওঁ বুলি।
এতিয়া দেখোন চিগাৰেটৰ সোঁৱাদ ,মদৰ আমেজতকৈ তোৰ গালিয়ে বহুগুণে ভাল আছিল ও মা
মই সলনি হ'লো মা.... । 

নাম: ৰিতুপন  গোস্বামী।
ঠিকনা : টিপাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)