নানা কৰ'বি ইয়া ওকি-অণুগল্প~চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
ল'ৰা ছোৱালী দুটা শুই নিহপালি দিয়াৰ পাছত ধীৰাজে হতাশগ্ৰস্ত হৈ ঘৈণীয়েক কৃষ্টিক তাহাঁতৰ জীৱনলৈ নামি অহা ধুমুহাজাকৰ সম্ভেদ দিলে ৷ গিৰিয়েকৰ মুখত সকলোখিনি শুনি তাইয়ো সচকিত হৈ পৰিল ৷ কৰোনা মহামাৰীৰ ৰোষত পৰি দূৰ্ভাগ্যবশতঃ তাহাঁতৰ ব্যৱসায় সমূলে বিধ্বস্ত হৈ গ'ল ৷ কৃষ্টিয়ে তাক ভাঙি নপৰি ধৈৰ্য্য ধৰি যাব দিলে ৷ 
 লাহে লাহে বেংকৰ লোন আৰু ধাৰ পৰিশোধৰ নামত ধীৰাজৰ দোকান ঘৰ, গাড়ী,মটৰ স্থাৱৰ অস্থাৱৰ সকলোবোৰ  সম্পত্তি নিলাম হৈ গ'ল ৷ ল'ৰা-ছোৱালী দুটাকো দুবেলা দুমুঠি খুৱাবলৈ তাৰ সামৰ্থ নোহোৱা হৈ গ'ল ৷ মাকৰ সতে তাহাঁতক মামাকৰ ঘৰলৈ পঠিয়াই দি সি আজি নিজৰ মৰমৰ পঁজাটোৰ চাবিপাটো বেংকৰ মেনেজাৰক গটাই দিব লগীয়াত পৰিল ৷ পলকতে চকুৰ আগত ঠানবান হৈ যোৱা  সংসাৰ খনৰ কথা ভাবি ধীৰাজে  জীৱনৰ পৰা অব্যাহতি লোৱাটোৱেই উচিত হ'ব বুলি জেপত থকা বিষাক্ত কীটনাশক ঔষধৰ বটলটো উলিয়াই গলিটোৰ মুৰত থকা পৰিত্যক্ত পাৰ্কখনৰ ভগা বেঞ্চখনতে বহি পৰিল ৷
 হঠাৎ বটলটো মেৰাই অনা খবৰ কাগজৰ টুকুৰাটোৰ এটা বিশেষ শাৰীলৈ তাৰ চকু পৰিল ৷ "নানা কৰ'বি, ইয়াওকি" (七転八起 ) বুলি লিখাখিনি পঢ়ি সি জানিব পাৰিলে সেইটো জাপানীজ ভাষাৰ বাক্যাংশ ৷ জাপানৰ শিশুক বৰ্ণমালাৰ শিকোৱাৰ পাছতে এই বাক্যাংশ পঢ়িব আৰু লিখিব শিকোৱা হয় ৷ ইংৰাজীত ইয়াৰ অৰ্থ হ'ল - Fall down seven times, get up eight times. একেৰাহে কেইবাবাৰো বাক্যাংশটো পঢ়ি আকৌ এবাৰ  সংসাৰখন সজোৱা যাওঁক বুলি হাতৰ বটলটো দূৰলৈ দলিয়াই দি সি  খুলশালীয়েকৰ ঘৰলৈকে খোজ দিলে ৷

🖋️ চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)