কবিতা-দেউতা~দিপশিখা ৰাজকোঁৱৰ


তোমাৰ বাবেই মই

জীৱন পাইছিলোঁ,
তুমিয়েই মোৰ সুখ দুখ
সকলো আছিলা।
তোমাৰ বাবেই  আগবাঢ়িছিলোঁ মই
জীৱনৰ যাত্ৰাত।
দুখত কাতৰ হ'লে
তুমি হৈছিলা দুখী
মোৰ বাবে তুমি সদায়
মৰমৰ দেউতা আছিলা।
কিন্তু_
হঠাৎ তুমি মোৰ জীৱনৰ পৰা
বহু দূৰলৈ আতৰি গলা
নিশাৰ তৰাবোৰৰ মাজত
তোমাক বিচাৰি ফুৰো
দেউতা দেউতা বুলি।
মানুহে কয় মানুহ মৰাৰ পাছত
আকাশৰ তৰা হয়
কিন্তু ক'তা তোমাকতো মই
এদিনো বিচাৰি নাপালো
আকাশৰ তৰাবোৰৰ মাজত
মই বুজি পাওঁ দেউতা
মানুহ কেতিয়াও আকাশৰ তৰা নহয়।.....
তুমি সদায় মোৰ বাবে
উজ্জ্বীৱিত হৈ থাকিবা
মোৰ আজিও সেই 
দুখৰ দিনটো মানসপটত
ভাঁহি আহে।
তোমাৰ ৰোগত 
ভৰি মালিচ কৰি,
তোমাৰ কাষতে মই
টোপনি গৈছিলো।
তোমাৰ ৰোগ বেছি হোৱাত
তোমাক চিকিৎসালয়লৈ লৈ গৈছিল...
কেইদিনমানৰ পাছত তুমি ঘূৰি আহিছিলা।
আনন্দতে তোমাৰ কাষলৈ
দৌৰি গৈছিলো,
কিন্তু.. বাহিৰত তুমি
চিৰদিনৰ বাবে যে
শুই আছিলা বুজা নাছিলোঁ।
সৰু হৈ আছিলো বাবে হয়তো
বুজি পোৱা নাছিলো
মৃত্যু কি?
কিন্তু তোমাক হেৰুৱাই 
বহুত কান্দিছিলোঁ ।
কাৰোৰে বুজনি নাজানিছিলোঁ
অবুজন হৈছিলোঁ মই
ভগৱানক তেতিয়া বহুত
বেয়া পাইছিলোঁ
তোমাক আমাৰ পৰা
চিৰদিনৰ বাবে
কাঢ়ি নিয়াৰ বাবে।।

✍🏻দিপশিখা ৰাজকোঁৱৰ
একাদশ শ্ৰেণী
ঊষাপুৰ কোঁৱৰ গাওঁ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send