এটি সপোনৰ সমাপ্তি~কবিতা-পৰাগ প্ৰিয়ম

©Admin
0

জীৱনত প্ৰথমবাৰ ভাল পাইছিলোঁ তাইক,
তাই  কাজলী দুচকুৱে একাঁজলি মৰম চটিয়াইছিল  মোৰ সৰ্বদেহত ।
সপোন দেখিছিলোঁ...
তাইক মোৰ নিজৰ কৰাৰ ।

তাইক বহুতবাৰ কৈছিলোঁ...
" মই তোমাক সচাঁকৈ ভালপাওঁ " জানা...।
মাথোঁ তাই মোৰ দুহাতত খামুচি ধৰিছিল…
তাই কিবা এটা ক'ব খুজিও বাৰে বাৰে ৰৈ গৈছিল;আৰু...
আৰু হঠাৎ তাই যাওঁ বুলিয়েই গুছি গৈছিল
 বিষাদৰ পোছাক পিন্ধি,

এদিন সমস্ত কথাবোৰ তাই মোক কৈছিল...।

আপুনি জানেনে?
আপোনাৰ দুচকুত গজি উঠা ভালপোৱা,
আপুনি প্ৰকাশ কৰাৰ আগতেই মই দেখিছিলোঁ ।

আপুনি ভাবিছে চাগে!
"মোৰ ভাল পোৱা বুজি নাপালে তাই…।"
আপুনি জানেনে আচল কথাতো কি…?
এটি জটিল ৰোগে দেখা দিছে মোৰ দেহত।
ডাক্টৰে কৈছে মোৰ "ব্ৰেইন টিউমাৰ" হৈছে ।
সেইবাবেই মই সন্মতি দিব পৰা নাই,
আপোনাৰ ভালপোৱাক ।

মই নোৱাৰো জানেনে,
আপোনাৰ জীৱনটো ধ্বংস হ'ব দিব ,
মোৰ ভয় জানেনে আপুনি,
জীৱনে মোক প্ৰতাৰণা কৰিব বুলি …,
সেইবাবেই মই সন্মতি দিব পৰা নাই,
আপোনাৰ মৰম ভালপোৱাক ।

যদিও আই-পিতাই নিদিলে প্ৰেমৰ আদিপাঠ
আপোনাৰ দৰে ভাল পাবলৈ কাৰোবাক,
তথাপিও,মোৰো মন যায় জানেনে…!
আপোনাৰ হৃদয় সেউজীয়াবোৰত ,
এপাহ তেজ ৰঙা গোলাপ হৈ ফুলিবলৈ ।
মোৰো মন যায় জানেনে…!
আপোনাৰ বুকুত মূৰ থৈ এপলক জিৰাবলৈ ।

হে সেউজ হৃদয়ৰ প্ৰেমিক
কিয় আপুনি শুনিব বিচাৰিছে 
নিশা চিফুঙত ফু দি কাৰোবাৰ  হৃদয়ৰ উচুপনি ?
কিয় দিছে ইমান মৰম 
মোৰ সহ্য নহয় ,
ইয়াৰ বিনিময়ত মইনো
আপোনাক কি দিব পাৰিম!
 যিখন হৃদয় আপোনাকে সপি দিম বুলি ভাবিছিলোঁ জনম জনমলৈ…,
তাকো আজি ক্ষত-বিক্ষত হােৱা...
কিছুমান তেজৰ চেঁকুৰাৰে ভৰা...।

শুনা কাব্যশ্রী বৰদলৈ…
ভালপোৱাৰ বিনিময়ত একো,
নিবিচাৰোঁ মই তোমাৰ পৰা
মাথোঁ জীয়াই থকালৈকে
তুমি মাথোঁ মোৰ হৈ ৰোৱা ।

কাব্যশ্রী বৰদলৈ…
পশ্চিমৰ আকাশৰ ৰঙাকৈ বেলি,
তোমাৰ  উকা কপালত দিওঁ মই আঁকি ,
আজি এই শুভ বেলা
আহা তুমি মোৰ বুকুতে মূৰ থৈ জিৰণি লোৱা।
              
  ✍️পৰাগ প্ৰিয়ম- যোৰহাট,তিতাবৰ ।
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)