বুকুত উমি উমি জ্বলি থকা
দহনৰ উত্তাপ খিনি
তুহঁ জুইৰ ছাইৰে ঢাকি,
দেহৰ শিৰাই শিৰাই অনুভূত
যন্ত্ৰণা কাতৰ বেদনা ৰাশি
এচপৰা কল্পনা শিলৰে হেঁচি
তেওঁ হাঁহিৰ অভিনয় কৰে
সংসাৰ আৰু সমাজৰ স’তে,
অদূৰত অদৃষ্টই বিস্ময় মানে।
পখিলাৰ স’তে নচাৰ বয়সত
তেওঁক দিয়া হৈছিল আগবিয়া
কিনো ঘটিছে বুজি নৌপাওঁতেই
মাহ -হালধিৰে সমাপন হ’ল
তেওঁৰেই শান্তি বিয়া ।
মূৰত এহতীয়া ওৰণি টানি
অচিনাকি এজনক
আৰাধ্য গিয়ান কৰি
নতুন গৃহত পাৰ হৈছিল
মাথোঁ কেইটামান দিন,
পুত্ৰ সন্তানৰ অজুহাত কৰি
দুগৰাকীকৈ সতিনী আনি
আৰাধ্যই দেখুৱালে
নিজ চৰিত্ৰৰ প্ৰকৃত চিন৷
স্বামীৰ স্নেহ বঞ্চিতা হৈও
তেওঁ বিচলিত নহল,
বুকুত আছে শিলৰ চপৰা
সমুদ্ৰ বিশাল হৃদয় খনিৰে
দুয়ো সতিনীক আকোঁৱালি
হাঁহিমুখেৰে মাঁথো
কৰ্তব্য কৰি গ'ল ৷৷
তেওঁৱেই আমাৰ আই কনকলতা ৷
মহাপুৰুষ শ্ৰীশংকৰৰ
যোগ্য নাতি বোৱাৰী
পৰৱৰ্তী সময়ত কনকা সত্ৰৰ
অধিকাৰ ৰূপতপুৰুষৰ সমান্তৰালভাৱে
প্ৰকট কৰি ধন্য কৰিলে
নিজস্ব প্ৰতিভা,
প্ৰণামো তোমাক
আই কনকলতা,
যুগে যুগে তুমি হৈ ৰ’বা
সমগ্ৰ জগতত পৰিচিতা।
✍ৰেণু মহন্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ