কিবা এক দুৰ্বাৰ আকৰ্ষণত
পুনৰ তোক হাতত তুলি লৈছিলোঁ ।
হৃদয় ভৰি থকা কথাৰে
শব্দৰ মালিতা গাঁঠিছিলোঁ ।
সিদিনা তোৰ বুকুখন ৰঙেৰে
জীপাল হৈ আছিল ।
সময় বৰ নিষ্ঠুৰ
বোঁৱতী নদীৰ দৰে মাথোঁ যায় বৈ
জট্ লগা শব্দবোৰে বৰকৈ আমনি কৰে ।
মোৰ অৰ্থহীন শব্দবোৰক ভেঙুচালি কৰি
কলমটোৱে যেন ক'ব খোজে...
"অযোগ্য তই"
আত্মাহংকাৰত ডুবি থকা শব্দবোৰে নিৰুপায় হৈ ৰূপ লয় অশ্ৰুৰ।
নিজৰ লগতে কথা পাতোঁ
এৰা !
অযোগ্য মই।
✍পূৰৱী তালুকদাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ