আমি দেখিলোঁ একো নেদেখিলোঁ
চকু মুদি আছো আজিও।
তাইক ডাইনী সজাই ,
হত্যা কৰিলে।
উশৃঙ্খল জনতাই
ধ্বংস কৰিলে।
পুলিচ আহিলে
উশৃঙ্খল জনতাই দেখি
পলাই পত্রং দিলে।
আমি চাই থাকিলোঁ
মাথোঁ চাইয়ে থাকিলোঁ।
পুলিচ আহি আমাক সুধিলে,
এই হত্যা কোনে কৰিলে।
আমি ক'লো মাথোঁ
আমি দেখিলো একো নেদেখিলো,
চকু মুদি আছোঁ আজিও।
✍ৰিতুপন গোস্বামী,ডিব্ৰুগড়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ