মাঘবিহু~কবিতা-ছাইফুদ্দিন আহমেদ

©Admin
0
মাঘৰ বিহুৰ প্ৰথম পুৱাতে
জীৱনক হঁহুৱাই নানা 
তৰহৰ পিঠা-পনাৰ সোৱাদে;
বিলৰ শ'ল, মাগুৰ মাছৰ
জোলেৰে মহা- ধুমধামেৰে
ভেলাঘৰত এসাজ খোৱাৰ
কি যে আনন্দ আমি গাওঁবোৰৰ
মানুহে হে অনুভৱ কৰিব পাৰোঁ !

হাঁহ মখাৰ চিঞৰ ভেলাঘৰৰ জুই চাই,
গাঁৱৰে এজনে হাঁহ দুটা আনি দি যায় ৷
ডেকামখাই খাবলৈ বুলি প্ৰতিটো
লগন প্ৰীতিৰে এসাজ উদৰ পূৰাই ৷
শীতৰ সেমেকা ৰাতিত মাঘৰ নূপূৰে
গাঁৱৰে যুৱতীৰ বুকুত জিলিকি  উঠে
টুপ টুপ নিয়ৰে নতুন পোৱাৰ আমেজ দিয়ে,
উদুলি-মুদুলি গাওঁখন যে আনন্দময় হৈ পৰে ৷


✍ছাইফুদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)