মাঘৰ জুই~অণুগল্প-ৰুমী কলিতা দত্ত

©Admin
0
শীতৰ সেমেকা ৰাতি কুঁৱলীসনা পদুলিত মাঘৰ কিৰিলি ।
পিঠা-পনাৰ গোন্ধত আমোলমোল গাওঁখনিৰ ইমূৰ- সিমূৰ । আলু-কচু, মাহকঁৰাই সকলোৱে যতনাই আনিছে , মিলিজুলি এসাঁজ খোৱাৰ কি যে আনন্দ !ভোজ-ভাতৰ আয়োজন মহা-ধুমধামেৰে, ডেকা-গাভৰুজাকৰ কিৰিলিত গাওঁখন আনন্দমুখৰ ।সকলোৱে মিলিজুলি বেছ হাঁহি-স্ফুর্টিৰে ভোগালীৰ আমেজ ল'লে ।ৰাতি প্ৰায় দহমান বজাত ডেকামখাৰ বাহিৰে সকলো ঘৰাঘৰি গ'ল।।অৱশ্যে ডেকামখাই ৰাতি খাবৰ বাবে গাঁৱৰে এজনে হাঁহ দুটা আনি দিলেহি।
কিছু নিচিন্তে শুই থাকিল কিছুয়ে অলপ সময় পিঠা-পনা বনুৱাত ব্যস্ত হৈ পৰিল। অতি উলহ- মালহেৰে সময়বোৰ পাৰ হৈ গ'ল ।অলপ চকুদুটা মুদি জিৰনি লওঁ বুলি মনিয়ে বিচনাত বাগৰ দিলেহি পিছে দুখ -ভাগৰৰ বোজা সহিব নোৱাৰি দেহাটোলৈনো কেতিয়া টোপনি নামি আহিল গমকে নাপালে ।
ৰাতিপুৱা হাঁহমখাৰ চিঁঞৰ- বাখৰত সাৰ পাই উঠি আহিল ,কাণ পাতি গম পালে মেজিত জুই জ্বলিল হিলৈ ফুটিছে ।তাই গা-টো ধুই নঙলামুখ পালেগৈ ইফালে- সিফালে চাই দেখিলে নঙলা এডালো নাই ।তাই উভতি লৰালৰিকৈ বাৰী পালেগৈ ।
তাই দেখিলে- ছয়-সাতটা গৰুয়ে বাৰীখন তহিলং কৰি পেলালে।তাই থৰ হৈ খন্তেক ভাবিলে- খেতিৰ ওপৰত ভৰষা কৰা তাইৰ পৰিয়ালটোৱে এতিয়া কেনেকৈ চলিব...?

✍ৰুম ী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)