আজি ৰবীনৰ মনটো অলপো ভাল লাগি থকা নাই । গাৱঁৰ পথটোৱেদি ঘৰলৈ বুলি আহি থাকোঁতে তাৰ নাকত লাগি থকা কেচাঁ মাটিৰ গোন্ধই এতিয়াও তাৰ মনটো উদাস কৰি ৰাখিছে । চহৰৰ পৰা নিজ পৰিয়ালৰ সৈতে ঘৰলৈ গৈ সি বহুত সুখি হৈছিল কাৰণ তাত গাৱঁৰ ডেকামখাৰ লগত পথাৰত হাল বায় ভূঁই ৰুই বহুত ৰং ধেমালী কৰিছিল। আনন্দত মতলীয়া হৈ পৰিছিল সি । আজি নিসংগ হৈ বিছনাখনতে শুই শুই সি তাকেই ৰোমন্থন কৰি কৰি দুখত ভাগি পৰিছে । এৰি অহা কেচাঁ মাটিৰ গোন্ধৰ লগত যে সি আৰু কেইবাবছৰো চিনাকী হ'ব নাপায় তাকে ভাবি দুখত কান্দি পেলাইছে ।
কাৰন ৰবিনৰ পৰিবাৰ যিহেতো চহৰীয়া সেইবাবে তাই গাৱঁলৈ যাবলৈ মনেই নেমেলে । সেইবাবে ৰবীনৰ ইমান দুখ । বহুতো কথা ভাবি ভাবি টোপনি যাব ধৰোতেই পৰিবাৰে ভাত খাবলৈ মতাত সি ভাত খাবলৈ গ'ল । কেঁচা মাটিৰ গোন্ধৰ লগতে গাৱঁৰ ধেমালীবোৰ আজীৱন এটি সোণোৱালি স্মৃতি হৈ ৰ'ল তাৰ বাবে ।
✍️ জিন্তী বড়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ