মাঘবিহু বা ভোগালী বিহু শীতকালীন কৃষিভিত্তিক উৎসৱ।পুহৰ সংক্রান্তিৰ দিনা মাঘবিহু।এই সময়ত সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰি উত্তৰলৈ গতি কৰে।এই সময়ত শীতৰ প্রকোপ কিছু কমিবলৈ ধৰে আৰু উষ্ণতাৰ অনুভূতি হ'বলৈ আৰম্ভ কৰে।অসমীয়া জন-সমাজৰ জীৱন -যাত্রাৰ চানেকি মাঘ মাহত সুন্দৰকৈ ফুটি ওলায়।মাঘ মাহক পৱিত্র মাহ বুলি গণ্য কৰা হয়।কাতি বিহুৰ কঙাল অৱস্থাৰ পৰা আঁতৰি আহি মাঘৰ শীতল পৰিৱেশ আৰু নতুনকৈ চপাই অনা সোণাৱলী শইচৰ ভোগ সম্ভাৰেৰে আৰু মুকলি মূৰীয়া পৰিৱেশৰ মাজেদি অসমীয়া মানুহে নিজকে বিলীন কৰি দিব খোজে।
মাঘবিহুৰ অন্যতম লোকাচাৰ মাঘ বিহুৰ উৰুকা।
উৰুকা ৰাতি আত্মীয়- স্বজন তথা বন্ধু -বান্ধৱ মিলি এসাঁজ খোৱা প্রথা অতীজৰে পৰা চলি আহিছে।
জুইৰ লগত মাঘবিহুৰ ঘনিষ্ঠ সম্পৰ্ক ।মাঘবিহুত মেজি পোৰাৰ যোগেদি অগ্নি দেৱতালৈ প্রণাম জনোৱা হয়।নামনি অসমত মেজিক ভেলাঘৰ বা ভেলা পুঁজি বুলি কোৱা হয়।মেজি জ্বলোৱা প্রথা প্রাক্ বৈদিক আৰ্যসকলে পূজা কৰা মাগী বা মেজাইৰপৰা অহা বুলি ভাৱিবৰ থল আছে যদিও ই দৰাচলতে কৃষিভিত্তিকহে ।মেজিৰ শুকান খেৰ,নৰা,কলপাত সকলো কৃষি সামগ্ৰীহে।
মাঘবিহুৰ লগত সংগতি ৰাখি শলীয়া খেদা প্রথাৰ প্রচলন আছে ।শলীয়া হ'ল কেৰ্কেটুৱাৰ স্থানীয় নাম।পলাশবাৰী ৰাজহচক্রৰ ৰামপুৰ মৌজা অঞ্চলত প্রচলিত জনশ্রুতিমতে ভেলাঘৰ হ'ল ভেলা নামৰ বুঢ়া এজনৰ প্রতীক ।ভেলা বুঢ়া ঢুকোৱাৰ পাছত ৰাইজে শ দাহ কৰিবলৈ শ্মশানলৈ যোৱাৰ সযয়ত গাঁৱৰ মানুহৰ সৈতে গছ-গছনিবোৰো যাবলৈ ধৰিলে।এই ঘটনাত ৰাইজে চিন্তিত হৈ সিদ্ধান্ত ল'লে যে গছ-গছনিবোৰ বিশেষকৈ ফল দিয়া গছবোৰ বান্ধি ৰাখিব।তেতিয়া সকলোৱে নিজ নিজ গৃহলৈ গৈ ফলৰ গছবোৰ বান্ধিলে।আচৰিত ধৰণে বান্ধ দিয়া গছবোৰ একে ঠাইতে ৰ'বলৈ ধৰিলে।বাকী খৰি জাতীয় গছবোৰ পথাৰৰ কাষত শাৰী শাৰীকৈ বাঁহ বান্ধি ৰখাৰ ব্যৱস্থা কৰিলে।এইদৰে গছবোৰত গাঁথি দিয়া বা টঙালি বন্ধা প্রথা মাঘবিহুৰ দিনা ৰাতিপুৱাতে সমাপন কৰাটো প্রচলন হ'ল।আম,কঠাল,জাম,তামোল আদি প্রায়বোৰ ফলৰ গছ মাঘ মাহত ফুলাৰ সময়।কিন্তু শলীয়া বা কেৰ্কেটুৱাই প্রায়বোৰ ফলৰ ক্ষতিসাধন কৰে।বিশেষকৈ তামোলৰ কলিবোৰ কুটি পেলায়। যিহেতু ৰাইজে প্রতিঘৰ গৃহস্থই ফলৰ গছবোৰত ৰাতিপুৱাতে বান্ধ দি ভেলাঘৰ বা মেজি জ্বলাবলৈ যোৱাটো প্রচলন হ'ল তেতিয়াই শলীয়া খেদা প্রথাটোও ৰাইজে আৰম্ভ কৰিলে।গীত গাই গাই শলীয়া খেদা প্রচলন হ'ল।গীতটি হ'ল----"শলীয়া হো হো /এক থোক দুই থোক ৰাহাককে লাগিবি /কাটিম না নাকাটিম/ঘেচ......।(দক্ষিণ কামৰূপ)।
মাঘবিহুৰ সময়ত পথাৰৰ লখিমীয়ে ঘৰে ঘৰে ভোগৰ সম্ভাৰ ওপচাই দিয়ে।এই বিহুত প্রত্যেকেই নিজৰ ঘৰলৈ মিতিৰ -কুটুম্ব ,ভাই -বন্ধুসকলক এসাঁজ খাবলৈ মতাৰ লগতে নিজৰ ভাব বিনিময়ৰো সুযোগ লাভ কৰে।এনেদৰে নীতি নিয়মেৰে মাঘ বিহু অতীজৰে পৰা অসমত প্রচলন হৈ আহিছে।
✍সবিতা দাস
মিৰ্জা(কামৰূপ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ