সুন্দৰ মেঘমল্লাৰ আঁৰৰ জোনটোলৈ চাই
সপোনবোৰে খুচমুচাই
থাকি আমনি দিয়ে বৰকৈ,
বনৰীয়া হাতী একোটাই যেন
তচনচ কৰি ভাঙি নিয়ে
ঘৰখন।
মাতৃত্বৰ বান্ধোনেৰে
সর্বস্ব ত্যাগেৰে আদৰৰে
আচলত বান্ধি থৈছিলো
সপোনৰ সেই ঘৰটো।
অভিশপ্ত জীৱনত অভিশপ্ত দিনবোৰ হেৰাই যায় কালৰ সোঁতত।
শীতৰ ৰাতি টোপ টোপ নিয়ৰত মুকুতাৰ দৰে জিলিকি
উঠা দুচকুৰ টোপালবোৰত
হেৰাই যায় সপোনৰ আঙঠাবোৰ।
উর্মিলাৰ চকুলোৰ দৰে এটা
জীৱন্ত ৰাতি ক'ত পুৱাব
ক'ত আছে সেই মূল্য চকুলোৰ!
হয়তো নাথাকে,হয়তো হ'ব পাৰে নাৰীৰ মূল্য,
উর্মিলাৰ জয়গান
তথাপিও পালে জানো
প্রাণ উর্মিলাৰ জীৱন?
আছে জানো স্বীকৃতি নাৰীৰ!
অনর্গল দিন-ৰাতিৰ হিচাপ নাই,যান্ত্রিক চলি থাকে জীৱন,
জন্মৰে পৰা অতীত বর্তমানলৈ
নিজৰ বুলিবলৈ আছে কি!
জীৱন ওভতাৰ পথত
এতিয়া শূন্যতাৰ পথত।
✍️ৰুনু দেবী শৰ্মা
গুৱাহাটী, পাঞ্জাবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ