শব্দবােৰ-মীনা পামে গাম

©Admin
0
শব্দবােৰে শব্দবােৰক বিচাৰি ফুৰিছে
শব্দই -শব্দই লগ লাগি
কিমান কান্দে ॥॥
শব্দত সুখ পায়
শব্দই মন জুৰায় 
তুমি এটা শব্দ দান দিলা-
বুকুত ভৰাই ল'লো 
যেন জীৱনৰ সঞ্জীৱনী ।

তোমাৰ শব্দত সুৰ ঢালি দিলো
হেঁপাহ পলুৱাই গীত পান কৰিলোঁ

ই কি !
ই কি !

আজি কি শব্দ দান দিলা ?
অচিনাকি শব্দ !!
শব্দ- বাণৰ বিহে বুকুত বিন্ধিলে
ভবাই নাছিলো ,
সুললিত শব্দধাৰীয়েও যে
পিয়লা পাতি থৈছে মােৰ ৰঙা কলিজাৰ
তেজ ল'বলৈ ,
হায়, কোনে বিশ্বাস কৰিব 
কিন্তু এয়া চিৰসত্য ।

উসঃ শব্দ
তুমি প্ৰেমৰ বীজবােৰ গজাবও পাৰা
আৰু প্ৰেমত বিহো ঢালিব পাৰা
শব্দেৰে মানুহক মাৰিবও পাৰে 
শব্দবােৰ গোট খালে 
বৰ বিপদ!
বহুত বিপদ !!

✍️মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)