তুমি নাৰী- অলকেশ কাকতি

©Admin
0
সৃষ্টিৰ অন্তৰালত
তুমি নাৰী,
পৃথিৱী বিনন্দিনী
তুমি যেন জাগ্ৰত প্ৰহৰী।।
সুখে ভৰপূৰ আপোন ঘৰখনত
গতিশীলতাৰ অৱকাশ,
কৰ্মৰ বাগীত 
তোমাৰ শ্বাস-প্ৰশ্বাস।।
হৃদয়ত সৃষ্টিৰ বীজ 
অংকুৰিত হ'বলৈ দি
তুমি দিয়া
বিৰহৰ মাজত সম্প্ৰীতিৰ উদাহৰণ।।
তুমিয়েই মানৱৰ প্ৰত্যাশা
তুমিয়েই বিচিত্ৰ ধৰাৰ শাখা,,
হৃদয়ৰ বোকোচাত আলফুলে সাৱটি লোৱাৰ
সমাজৰ সৰু-বৰ দুখ-যন্ত্ৰণা ।।।।
          
✍️অলকেশ কাকতি
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)