জীৱনৰ প্ৰতিটো খোজত
তুমিয়েই হেঁপাহৰ প্ৰভাত ।
বুকুত স্নিগ্ধ জোনাক সিঁচি
শুষ্ক মৰুতো সৃষ্টি কৰা
মৰুদ্যান ।
স্বপ্নৰ ৰঙীন আকাশখনে
আঁৱৰি ৰাখে প্ৰতিনিয়ত ।
তুমি লগালে মাত
ৰঙীন হৈ পৰে আশাৰ আকাশ ।
বিষাদ আঁতৰাই হৃদয়ত বাজে
পূৱালী ৰাগ ।
জীৱন নদীত তোমাৰ ঢৌৱে
শিকাই
চিনিবলৈ নিজক
সুৰ তৰংগিণীৰ সুন্দৰ মূৰ্চ্ছনাত।
✍অঞ্জুমণি হাজৰিকা,যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ