কবিতা~ভোগালীৰ ভোগ-ৰুমী কলিতা দত্ত

ভোগালীৰ বহু ভোগ হেৰুৱালো সময়ৰ বুকুত 
ৰোধিব পৰা নাই ভোগৰ নামত কৰি অহা বহু অশান্তিৰ বীজ !! 
এইবাৰ কঁকালত টঙালি বান্ধিছোঁ
মাঘৰ মেজিৰ অগ্নিশিখাত জাপি দিম
অন্যায় -অত্যাচাৰে ভৰি থকা সমাজৰ
 দুৰ্নীতি আৰু ব্যাভিচাৰৰ 
ৰক্তকনিকা ...
আহ হেৰ' সতী জয়মতী,মুলাগাভৰুৰ দল
নিপাত কৰিম অনাচাৰী- অত্যাচাৰী 
দুহাতত তুলি লম হেংদাং 
কবিতাৰ সুৰেৰে গাই যাম
মহামিলনৰ কালজয়ী গীত ।
আকাশ কঁপিব বতাহ কঁপিব...
নাচি উঠিব সৰাপাতবোৰ ...

অগা-দেৱা নকৰিবি তই ধোদৰ পচলা 
অসীম শক্তিৰে অগ্নিৰ ফিৰিঙতি হৈ
যুজিম অবিৰাম ...।

✍ৰুমী কলিতা দত্ত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send