
সাহিত্য হৈছে সুকুমাৰ মনৰ অনুভৱৰ অনুপম সৃষ্টি।যুগে যুগে সাহিত্যৰ বিভিন্ন উপাদানে মানৱ সমাজক নিৰাশা, নিৰানন্দৰ মাজতো প্ৰদান কৰি আহিছে আশাৰ বিমল আনন্দ।সেয়েহে সাহিত্যৰ প্ৰতি তাড়না মানুহৰ যুগে যুগে।সেই তাড়নাসমূহ পূৰণৰ এক মাধ্যম হৈছে আলোচনী।অসমীয়া সাহিত্যৰ জগতত অতীতৰ পৰাই আলোচনীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে। সাহিত্যৰ বিভিন্ন স্বাদেৰে সন্নিৱিষ্ট আলোচনী এখনৰ জৰিয়তে পাঠকে নিজৰ ইপ্সিত তাড়না পূৰণৰ অৱকাশ পায়। সেয়েহে আলোচনী এখনৰ প্ৰতি পাঠক সমাজে এক বিশেষ ধাৰণা পোষণ কৰা দেখা যায়।সম্প্ৰতি একবিংশ শতিকাত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশৰ লগতে সাহিত্যৰ আনুসংগিক দিশসমূহত দেধাৰ পৰিৱৰ্তন সাধন হৈছে।ডিজিটেল মাধ্যমৰ দ্ৰুতগতিত হোৱা বিকাশে সাহিত্যৰ প্ৰকাশৰ মাধ্যমো সালসলনি কৰি পেলালে।বিশ্বৰ অধিকসংখ্যক লোক সম্প্ৰতি ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল।ভাৰতবৰ্ষ তথা অসমো ইয়াৰ ব্যতিক্ৰম নহয় আৰু অসমীয়া ভাষাটো যিহেতু সাহিত্যৰে পৰিপূৰ্ণ এক চহকী ভাষা গতিকে অসমীয়া সাহিত্যকো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাটো জাতীয় চেতনাৰ পৰিপূৰ্ণ বৰ্তমানৰ যুৱচামৰ গুৰু দায়িত্ব।সেয়েহে প্ৰযুক্তিবিদ্যাৰ বিকাশৰ সমান্তৰালকৈ প্ৰিণ্ট মেডিয়াৰ লগতে ডিজিটেল মেডিয়াৰ যোগেদিও অসমীয়া সাহিত্যৰ চৰ্চা আৰু প্ৰচাৰ হৈ আহিছে।আলোচনীৰ জগততো বহু আলোচনীয়ে ডিজিটেল মাধ্যমৰ যোগেদি বহুল প্ৰচাৰ লাভ কৰি আহিছে কিন্তু দৈনিক ভাৱে আলোচনী এখন প্ৰকাশ কৰাটো কোনেও সাহ কৰিব পৰা নাছিল।
অসমীয়া সাহিত্যৰ চানেকি হৈছে অসমীয়া ভাষা-সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে ডিজিটেল মাধ্যমৰ জৰিয়তে সাহিত্যৰ চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰৰ হকে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে প্ৰকাশিত অসমৰ প্ৰথম আৰু একমাত্ৰ দৈনিক ই- আলোচনী।২০২০ চনৰ এক জানুৱাৰী তাৰিখে প্ৰকাশ লাভ কৰা অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই -আলোচনীখনে চকুৰ পলকতে এটা বছৰ অতিক্ৰম কৰি পাহি মেলি ইয়াৰ ডাল -পাতেৰে চৌদিশে সিঁচৰতি হৈ পৰিল।কেৱল অসমৰ চৌপাশে বুলি ক'লে আলোচনীখনৰ পৰিসৰ হয়তো ঠেক কৰা হ'ব। অনলাইন আলোচনী হিচাপে ডিজিটেল মাধ্যমৰ যোগেদি অসমীয়া সাহিত্যৰ চানেকিৰ সমগ্ৰ বিশ্বজুৰি বিয়পি পৰাৰ সম্ভাৱনা আছে।আলোচনীখনে জন্ম লাভ কৰা দিনৰে পৰা গোটেই বছৰ জুৰি প্ৰতিটো দিন ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ সময় আৰু শ্ৰমৰ বাবেই সফলতাৰে এটা বছৰ সম্পূৰ্ণ কৰি বৰ্তমান অসমীয়া সাহিত্যৰ চানেকি অসমৰ সৰ্বত্ৰে বিয়পি পৰিল। এটা বছৰতে সাহিত্য অনুৰাগীৰ বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হোৱা অসমীয়া সাহিত্যৰ চানেকিৰ ভবিষ্যত যাত্ৰা অবিৰত।গতিকে আলোচনীখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়েই নতুন বছৰটোত নতুন উদ্যম আৰু অধিক দৃঢ়তাৰে আলোচনীখনৰ খোজ আগুৱাই নিয়াৰ হকে প্ৰতিজ্ঞাবদ্ধ হওক।অসমৰ প্ৰতিগৰাকী পাঠকে আলোচনীখনক অসমীয়া ভাষা সাহিত্যৰ চৰ্চা, প্ৰসাৰ ,প্ৰচাৰ আৰু সংৰক্ষণৰ লগতে উঠি অহা যুৱ প্ৰজন্মক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ এক মঞ্চ হিচাপে লৈ সহযোগিতা আগবঢ়াওক তাকে আশা কৰি সমূহ অসমবাসীলৈ নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ ওলগ জ্ঞাপন কৰিলোঁ।
শেষত অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই- আলোচনীখন অসমীয়া সাহিত্য জগতত ডিজিটেল মাধ্যমৰ যোগেদি এক বটবৃক্ষত পৰিণত হওক তাকে কামনা কৰিলোঁ।
ইংৰাজী ২০২১নৱ বৰ্ষৰ শুভেচ্ছা থাকিল
ReplyDelete