চুটিগল্প-মন যায়~ৰিতুপন গোস্বামী

Rinku Rajowar
0
মাকৰ মৃত্যুৰ লগে লগে তেওঁলোকৰ ঘৰখনৰ অস্তিত্ব নাইকিয়া হৈ গল। অন্ততঃ পলৰ কাৰণে পলৰ জীৱনত তেওঁৰ আৰু একো চিন নাই।
         পল হ'ল এজন মেধাৱী ছাত্ৰ। তেওঁৰ মাতৃ দুবছৰ আগতেই ঢুকাইছিল। পলৰ দেউতাক এজন খেতিয়ক।পল সৰু হৈ থকাৰ বাবে
দেউতাকে দ্বিতীয় বিবাহত আৱদ্ধ হব লগা হ'ল ।
         পল বৰ্তমান দশম শ্ৰেণীৰ ছাত্ৰ।তেওঁ পঢ়াটো মেধাৱী।তেওঁক স্কুলত সকলো শিক্ষক - শিক্ষয়িত্ৰীয়ে ভাল পাইছিল আৰু মৰম কৰিছিল। পলে অনুজ - অগ্ৰজ ,বন্ধু - বান্ধৱী লগত মিলা প্ৰীতিৰে থাকিছিল। বন্ধু- বান্ধৱীৰ লগত খেলা - ধূলা কৰি তাৰ স্কুলৰ পোছাক যোৰ লেতেৰা হৈছিল। সেইবাবে পলক সদায় মাহীমাকে গালি- গালাছ ,মাৰপিট্ কৰিছিল।
মাহীমাকৰ এটা ল'ৰা আছিল। তাৰ নাম জুমন।মাকে জুমনক মৰম - চেনেহ কৰিছিল ।মনে মনে মাকে জুমনক ভালৰো ভাল খাদ্য খাবলৈ দিছিল আৰু ভালৰো ভাল পিন্ধিবলৈ দিছিল। সেইবোৰ দেখি জুমনে মাকক সদায় কয়, তুমি মোক সদায় ভাল ভাল বস্তু খাবলৈ দিয়া আৰু ভাল ভাল কাপোৰ পিন্ধিবলৈ দিয়া।দাদাক কিয় নিদিয়া মা? জুমনৰ  প্ৰশ্নৰ উত্তৰত মাকে কয়,যি কৰিছোঁ তোৰ ভালৰ বাবে কৰিছোঁ। তই সেইবোৰ কথা চিন্তা কৰি নাথাকিবি।
      মাহীমাকে পলক সদায় কাম কৰোৱায়। আধা পেটীয়াকৈ ভাত খাবলৈ দিয়ে। এইবোৰ দেখি শুনি বাপেক শাৰীৰিকভাৱে ভাঙি পৰিছিল। মাহীমাকৰ বিপক্ষে যাবলৈ বাপেকে নোৱাৰে। কাৰণ পলৰ দেউতাক দুবাৰ বিয়া কৰোৱা।
  যিহেতু পলৰ দেউতাক দুবাৰ বিয়া কৰোৱা। সেইবাবে। জুমনৰ  মাকক ঘৰৰ মানুহে বিয়া নিদিওঁ কৈছিল কিন্তু পলে দেউতাকে জুমণৰ মাকৰ ঘৰত প্ৰতিশ্ৰুতি দিছিল যে বিয়া কৰোৱা পিছত তাইৰ যি মন যায় সেইটোৱে কৰিব।সেইবাবে মাহীমাকে পলক কৰা অত্যাচাৰৰ বিৰুদ্ধে কেতিয়াও যাব নোৱাৰে।
   এনেবোৰ কষ্ট ,দুখ দেখি দেখি পলৰ বাপেক মানসিক, শাৰীৰিক ভাৱে বাধাগ্ৰস্ত হৈ পৰিছে। বাপেকে লাহে লাহে ভাত - পানী খাবলৈ এৰি দিলে আৰু অকলে অকলে আমন জিমনকৈ বহি বহি কান্দি থাকে।এনেদৰে কিছুদিন পাৰ হৈ গল.....।
   এদিন ঘটিল এটা ঘটনা।পলে দেউতাকক ভাত খাবলৈ মাতিবলৈ আহিছিল। দেউতাকক পলে মাতি আছে। দেউতাক পেট পেলাই শুই আছে। দেউতাকক উলিতিয়াই দেখে যে, মুখৰ পৰা ফেন ওলাই আছে আৰু হাতত এটা দৰৱৰ বতল। দেউতাকক পলে চিঞৰি চিঞৰি  দেউতা দেউতা বুলি মাতিলে।মাহীমাক ভিতৰলৈ সোমাই আহি দেখে তেওঁৰ পতিৰ মৃত্যু হৈছে।সকলোৱে কান্দিবলৈ ধৰিলে।গাঁৱৰ মানুহক পলে চিঞৰি চিঞৰি  মাতিবলৈ ধৰিলে। মাতি মাতি একো লাভ নহল।গাঁৱৰ মানুহৰ প্ৰতি সঁহাৰি নাপায়, তেওঁলোকৰ ওচৰতে থকা আন এখন গাঁৱৰ মানুহক পইচা দি মাতি আনিলে। তেওঁলোকৰ নীতি - নিয়ম কৰি দেউতাকৰ শটো সৎকাৰ  কৰিবলৈ লৈ যায় আৰু জ্বলাই দিয়ে।
     দেউতাকৰ মৃত্যুৰ পিছতে পলৰ  মেট্ৰিকৰ ৰুটিন দিলে।যিহেতু পল দশম শ্ৰেণীৰ ছাত্ৰ। দেউতাকৰ অগাধ  মৃত্যুৱে পলক শাৰীৰিক, মানসিক ভাৱে ভাঙি পেলাইছিল।আনহাতে মাহীমাকে কৰা অত্যাচাৰ ।এনেদৰে পলেই মেট্ৰিক পৰীক্ষা সমাপ্ত কৰিল। তিনিমাহ মান পলে তাৰ ফলাফল ভাবি থাকিল...। অৱশেষত তিনিমাহৰ পিছত মেট্ৰিক পৰীক্ষাৰ ফলাফল দিলে। পলৰ ফলাফল ভাল নহল। ফলাফলৰ কথা শুনি মাহীমাকে পলক আৰু দুগুনে অত্যাচাৰ কৰিবলৈ ধৰিলে।পলে ভাত - পানী খাবলৈ এৰি দিলে।এনেদৰে কিছুদিন পাৰ হৈ যোৱাত পলে এজোপা গছত নিজকে চিৰদিনলৈ বিদায় দিলে......।


🖋️ ৰিতুপন গোস্বামী
      জয়পুৰ টিপাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)