আপোনাক ভালপাব পৰাকৈ-কবিতা~হেমেন হাজৰিকা

Rinku Rajowar
0
    আপোনাক বেয়া পাবলৈ
  মোক এটা অজুহাত লাগিব

  আপোনাৰ দুচকুত
  নাই সেই ভাষা
  ওঠৰ নিয়ৰত
  কোন স'তে বিচাৰিম
  বেয়া পোৱাৰ পৰিভাষা  ।

  আপুনি তাত আছে বাবেই
  আজি মই ইয়াত
  ঠিয় হৈ আছোঁ
  আপোনাৰ বাবেই
  মোৰ ইমান চিনাকি
  ইমানৰ পিছতো
  মই আপোনাক
  বেয়া পাব পাৰিম জানো  ।

ভাল পাব পৰাকৈ
অযুত অজুহাতৰ বাবে  
আপোনাক বেয়া পাব নোৱাৰো ।
আপোনাক বেয়া পাবলৈ
কিবা এটা অজুহাত
থাকিব নালাগিব জানো ?

   🖊️ হেমেন হাজৰিকা
            মিৰ্জা 
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)