বাকেট লিষ্ট-অণুগল্প~চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
ফুটপাথত পৰি মৰি থকা বুঢ়া মগনীয়াজনৰ  ডায়েৰীখন পঢ়ি মিউনিচিপালিটিৰ চুপাৰভাইজৰ মৃনালৰ কৌতুহল আৰু আৱেগত চকু থৰ লাগি ৰ'ল ৷ ডায়েৰীখনৰ প্ৰথম পাততেই ইংৰাজীত লিখা আছিল-
" বাকেট লিষ্ট অফ মাই লাইফ "

১৷ জীৱনত এজন সফল শিক্ষক হোৱা ৷ কিন্ত নিয়তিয়ে মোক পদাৰ্থ বিজ্ঞানী সজালে ৷
২৷ এটা উৎকৃষ্ট মানদণ্ডৰ নিউক্লীয়াৰ বিজ্ঞানৰ গৱেষণাগাৰ স্থাপন কৰা ৷ কিন্ত বিভাগীয় ৰাজনীতিৰ কাৰণে সেইটো হৈ নুঠিল ৷
৩৷ পত্নীৰ মৃত্যু আৰু একমাত্ৰ পুত্রৰ বিদেশ গমনৰ পাছত নিজৰ ঘৰখন বৃদ্ধাশ্ৰমকে খুলিম বুলি
এদিন ফুটপাথত অকলশৰে  অসহায় হৈ পৰি থকা ৰুগীয়া বৃদ্ধজনীক ঘৰলৈকে আনিলো ৷ জীয়াবলৈ আশা এৰি দিয়া মানুহজনী জীপাল হৈ উঠিল ৷ পাছে সমাজ আৰু পুত্ৰই মোক আৰু অসহায় মানুহজনীক এদিন পগলা সজাই নিজৰ ঘৰৰ পৰা উলিয়াই দিলে ৷  ফুটপাথৰ নিসংগ জীৱনৰ মাদকতাত মোৰ জীৱনৰ পূৰ্ণতা প্ৰাপ্ত হ'ল ৷ মুক্ত আকাশৰ তলত মই এতিয়া চিৰদিনৰ কাৰণে শুব বিচাৰো৷
মানুহ জনৰ শেষ ইচ্ছাটো পঢ়ি মৃনালে কালিয়েই গৈ গাৱঁৰ ঘৰত অকলে থকা দেউতাককো নিজৰ লগত থকাকৈ লৈ আহিব বুলি থিৰাং কৰিলে ৷ নিসংগতাৰ ভয়াবহতাই জীৱনক কিমান কৰুণ কৰি তুলিব পাৰে সি আজি উপলব্ধি কৰিব পাৰিলে ৷

🖋️ চুমিন্দ্ৰ চৌধুৰী, নতুন  দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)