যদি এটা জাতিৰ অস্তিত্ব বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰিব লাগে , যদি এখন সুন্দৰ পৃথিৱী চাবলৈ অপেক্ষা কৰিব লাগে তেন্তে কন্যা ভ্ৰুন হত্যা কৰাৰ পৰা বিৰত থাকক | কন্যা শিশু নাথাকিলে ভৱিষ্যতৰ সুন্দৰ পৃথিৱী এখনৰ কথা কেনেদৰে কল্পনা কৰিব ? নিজে মাতৃ হৈও এগৰাকী আইতাক হৈও এগৰাকী নাৰীৰ গৰ্ভত কন্যা শিশুৰ উপস্থিতিৰ কথা গম পোৱাৰ লগে লগে মুখখন বিকটাই দিয়ে | যেন এক অপৰাধ কৰিবলৈহে গৈ আছে গৰ্ভৱতী নাৰী গৰাকী | বাপেক হ'বলৈ ওলোৱা পুৰুষ জনেও সেইটো কামনা নকৰে | প্ৰথমে মই সুধিব বিচাৰো হে পুৰুষ তুমি বিয়া কৰাইছা কাক ? তোমাৰ দৰে সকলোৱে পুত্ৰ সন্তানকে কামনা কৰে এসময়ত সেই পুত্ৰ সকলে বিয়া কৰাবলৈ কন্যা সন্তান ক'ত পাব ? তেতিয়া কিন্তু বিয়া কৰাবলৈ এগৰাকী ভাল ছোৱালী বিচাৰিব | যদি সকলোকে ল'ৰাই আৱশ্যক হয় সেই ল'ৰালৈ বিয়া পাতিবলৈ ছোৱালী পাবা ক'ত ? আমাৰ চকু মুকলি হ'ব কেতিয়া ? এইটো প্ৰতিয়মান হৈ আহিছে যে নাৰীৰ শতৰু সদাই নাৰীয়েই হয় | এই কথাটোত বিপৰীত মত আগবঢ়াব প্ৰথমে নাৰী গৰাকীয়ে | সন্তানৰ ভ্ৰুন নিৰূপনৰ ক্ষেত্ৰত কাৰ অৱদান থাকে সেই কথাটোৰ জ্ঞান থকাটো আৱশ্যক | এই ক্ষেত্ৰত যে নাৰী গৰাকীৰ ভুমিকা শূন্য | সেই কথাটোৰ অজ্ঞানতাৰ বাবে এনে সমস্যাৰ সৃষ্টি হয় আৰু নাৰী গৰাকী অযথা মানসিক শাস্তিৰ সন্মুখীন হ'ব লগা হয় |
তাৰ কাৰণে সকলোকে সজাগ কৰিবৰ বাবে প্ৰতি বছৰে জানুৱাৰী মাহৰ ২৪ তাৰিখে কন্যা শিশু সুৰক্ষা দিৱস পালন কৰি অহা হৈছে | এনে সজাগতা সভা সমূহত আমি সকলোৱে অংশ গ্ৰহণ কৰিব লাগে | এগৰাকী কন্যা শিশুৰ গুৰুত্ব তেওঁলোকক বুজাই দিব লাগে | নাৰী নাথাকিলে সমাজ এখন বৰ্তী থাকিব নোৱাৰিব | কেতিয়া যে আমাৰ মানসিক ধাৰণাৰ পৰিবৰ্তন হ'ব তাক ভাবিলে দুখ লাগে | আজিৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো আমি কিয় সমানে আগবাঢ়িব পৰা নাই ? মনৰ জগতখন পোহৰাব পৰা নাই | কু সংস্কাৰৰ পৰা আমি কেতিয়া মুক্ত হ'ব পাৰিম | আমাৰ হৃদয়ত অলপো অনুকম্পা নাজাগে , কোন সতৰে নিজৰে সন্তানটোক পৃথিৱীৰ পোহৰ দেখাৰ আগতে ভ্ৰুন অৱস্থাতে হত্যা কৰিব পাৰে | নাৰী থাকিলেহে পুৰুষ থাকিব এই কথা আমি জনা উচিত | এই বাণী আমি যিমান পাৰি সিমান প্ৰচাৰ কৰিব লাগে | আমাৰ সঠিক জ্ঞানৰ অভাৱৰ বাবে প্ৰতিদিনে কিমান যে কন্যা ভ্ৰুন হত্যা কৰা হৈছে তাৰ সঠিক পৰিসংখ্যা কোনে দিব ? মই ভাবো ইয়াৰ বাবে ডাক্টৰ সকলো দায়ী | লিংগ নিৰুপন এক শাস্তি মূলক অপৰাধ বুলি আইন প্ৰনয়ন হৈছে | কিন্তু ডাক্টৰ সকলে কিয় টকাৰ লালসাত মনে মনে কন্যা শিশু হত্যা কৰি আহিছে | আমি ভাবো তেওঁলোকো শাস্তিৰ যোগ্য হোৱা উচিত | দম্পতি সকল তেওঁৰ ওচৰলৈ তেনে কাম কৰিবলৈ ওচৰ চপাৰ লগে লগে তেওঁলোকক আৰক্ষীক গতাই দিয়াৰ ব্যৱস্থা কৰিলে এনে অপৰাধ নিজে নিজে কমি যাব আৰু বহু কন্যা সন্তান নিশ্চিত মৃত্যুৰ পৰা হাত সাৰিব | আমি ভৱিষ্যতে এখন সুন্দৰ জগত চাবলৈ হলে কন্যা শিশুক বচাব লাগিব | আমি যেতিয়া নিজে বুজি উঠিম তেতিয়া আমাক আনে বুজাব লগা নহ'ব | আমাৰ কথা আমাৰ নৱ প্ৰজন্মৰ ধাৰক গৰাকীক আমি যথোপযুক্ত ভাৱে ৰক্ষণাবেক্ষন দিয়াৰ ব্যৱস্থা কৰিব লাগিব | অন্যথা আমাক নৰহত্যাৰ দৰে হত্যাৰ পাপে চুব | পিছত হয়তো এনে হ'ব পাৰে পুত্ৰ সন্তানৰ মোহত কন্যা ভ্ৰণ হত্যা কৰোতে কৰোতে পিছত সন্তান লাভৰ সখৰ পৰাও বঞ্চিত হ'ব লগা হ'ব পাৰে | আহক আমি সকলোৱে এই মহান কামত হাত উজান দিওঁ | কন্যা সন্তান বচোৱাত সকলোৱে অগ্ৰসৰ হওঁ | নহলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বেটা পঢ়াও বেটী বচাও শ্ল'গান অসাৰ হৈ পৰিব |
🖋️ হেমেন হাজৰিকা
মিৰ্জা কামৰূপ অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ