ধুমুহাৰ শেষত-চুটিগল্প~মেঘালী দত্ত শইকীয়া

Rinku Rajowar
0
এজাক কাল ধুমুহাই অজিতৰ বুকুতো বিষাদ বেদনাৰে উখলমাখল কৰি পেলাইছিল ।ৰুক্মবীৰ ৰূপী ককায়েকৰ হৃদয়হীনা ব্যৱহাৰত নীচজাতি ছোৱালী ফুলমতীক বিয়া কৰোৱাৰ পাছতে জন্ম ঘৰখন, আত্মীয় স্বজন সকলোকে এৰিব লগা হৈছিল। স্বামী অবৰ্তমানত মাক নিৰলাইও বৰ পুত্ৰ আৰু বোৱাৰীৰৰ কথামতে চলিব লগা হৈছিল।
মাকে কোনো কথাই মুখ খুলি কব নোৱাৰে কি পো, কি বোৱাৰী। মাথো গাঁঠি যায় চকুলোৰে মনৰ বেথা।
          বহু নিলগত ফুলমতীক লৈ এখন সুখৰ সংসাৰ। তিনিটা সন্তানেৰে আলি বলি নহলেওঁ চাহ বাগিছাৰ চাকৰিটো কৰি অজিতে সূচাৰুৰূপে ঘৰখন চলাই আছে। সন্তান কেইটাও পঢ়াই শুনাই বৰ ভাল। ককায়েক বিজিতৰ
আকোৰগোঁজ স্থিতিৰ বাবে যদিও সি ঘৰলৈ নাহে তথাপি নিজৰ ভুলৰ বাবে এনে হ'ল ভাগ্যৰ বিড়ৱনা! কিন্তু কোনো দিনাই দোষ দিয়া নাছিল একমাত্ৰ ককায়েক বিজিতক।
            কথা এটা কওঁ বিজিত এই বুলি মাক নিৰলাই
ক' লে, সি যৌৱনৰ উন্মদনাত আমাৰ অমতত বিয়া কৰালে, তাৰ শাস্তিও অতদিনে আমাৰ পৰা আঁতৰি থাকি ভোগ নকৰা নহয় গতিকে তাৰ ল'ৰা ছোৱালী কেইটাৰ কথা চিন্তা কৰি দেউতাৰৰ এই সম্পত্তি মই দুয়োটাকে ভাগ কৰি দিব বিচাৰোঁ।
      মা, মই তোমাৰ এই প্ৰস্তাৱ মই মানি লব নোৱাৰোঁ।

   কিন্তু কিয় সিটো জহৰা নহয় আৰু তই ভবাৰ দৰে একো অক্ষমনীয় অপৰাধ কৰা নাই যে সি পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত হ'ব।
        দাদা, মাৰ এই সৰু টিনৰ বাকচটো গেটৰ বাহিৰত
পৰি আছে, ইয়াত কিন্তু মায়ে ঘৰৰ বহু গুৰত্ব পূৰ্ণ নথি পত্ৰ ভৰাই থৈছিল মই চাব পাৰোনে।?
         দাদা, দাদা ইয়াত বৰ ডাঙৰ বস্তু এটা পালোঁ, কি বুলি বৌৱেক উৎপলা দৌৰি আহিল, এইয়া চোৱা বৌ মাৰ দাঁত দুপাৰি, বাকী বোৰটো জ্বলি ছাঁই হৈ গ'ল! 
          বৰদেউতা আপুনি চিন্তা নকৰিব মই আছোঁ নহয় 
মই মোৰ লগৰ আৰু ছিনিয়ৰ ডাক্তৰৰ লগত কথাবোৰ আলোচনা কৰিছোঁ, অতি সোনকালে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি আপোনাক সুস্থ কৰি তুলিম। মা, দেউতা কালিৰ পৰা মই নাহিবলৈ কোৱাৰ স্বত্বেও বাহিৰত ৰৈ আছে। 
         বিজিত ক্ৰমান্বয়ে সুস্থ হৈ উঠিল। চিকিৎসাৰ বিল কিমান হ'ল বোপাই, অজিত তইও আহিলি, ফুলমতী তুমিও আহিলা মোক চিকিৎসা লয়ৰ পৰা নিবলৈ আহিলা। অ' বিল খন নহয় বৰদেউতা মই সকলো কৰিলোঁ, এইটো লোৱা বৰমাৰে ঘৰৰ পৰা আইতাৰ
এটা টিনৰ বাকচ আছিল সেইটো লৈ আহিছে তাকে আমি তোমাক দিছোঁ।
      এইয়া কি বৰদেউতা আপুনি সকলো মোৰ নামত উইল কৰিলে। দেউতা আৰু মায়ে আমাক সদায়ে সকিয়াই থাকে বৰদেউতা আৰু বৰমাৰ কোনো নাই ভৱিষ্যতে প্ৰতি মূহুৰ্তৰ খবৰ তহঁতে কৰিব লাগিব।
        ঘৰলৈ আহি বিজিতে মাকৰ ফটোখনত সেৱা লৈ তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে।

প্ৰাপ্তিৰ আনন্দত সকলোৱে ছিঙি ভাঙি যোৱা মৰমৰ এনাজৰী ডাল পুনৰ কট কটীয়াকৈ বান্ধি পেলালে।

    🖋️মেঘালী দত্ত শইকীয়া
     নাহৰকটীয়া, জিলা ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)