পদুলিৰ কাষৰ শিমলু জোপাৰ সুগন্ধ চৌপাশে বিয়পি পৰিছে । ৰক্তিমৰ মাকে ঢলপুৱাতেই উঠি বাঢ়নিৰে চোতাল সাৰিব লৈছে। কাষতে ৰক্তিমো থিয় হৈ আছিল । মাকৰ বয়সে তিনি কুৰি অতিক্ৰম কৰিলে । ঘৰৰ কাম - কাজ কৰিবলৈ মাকৰ দেহত আৰু তিলমানো শক্তি নোহোৱা হৈছে । মাকে চোতাল সাৰি সাৰি নিজে নিজেই মুখখনেৰে ভোৰভোৰাইছিল যে " ঘৰত দুজনকৈ ল'ৰা আছে ,,মই আৰু ইমানবোৰ ঘৰৰ বোজা মুৰত ল'ব নোৱাৰোঁ । কোনোবা এজনেতো বিয়াখন পাত"""- নাই ! মোৰ কথা শুনিলেহে....! কথাষাৰ ৰক্তিমৰ মন - মগজুত খুন্দিয়ালে ।বহুবাৰ ভাবি - চিন্তি ভাতৃ অৰ্ণৱৰ লগত কথাটো আলোচনা কৰি কইনা ঘৰলৈ বিয়াৰ দিন থিক কৰিবলে গ'ল । কিছুদিন পিছতেই " ৰাজনন্দিনী " নামৰ এজনী কুন্দট-কটা গাভৰুৰ লগত ৰক্তিম বিবাহপাশত আৱদ্ধ হ'ল । কিন্তু বিধাতাৰ লিখনি কেতিয়াও খণ্ডন নহয় ।ৰাজনন্দিনীৰ আত্মগৌৰৱ মনোভাৱে তাইৰ লগতে ঘৰখনকো এঢাপ তললৈ লৈ গ'ল । সদায়েই দণ্ডৰ সৃষ্টি হ'বলৈ ধৰিলে ঘৰখনত । এফালে ৰাজনন্দিনীৰ শাহুৱেক তথা ৰক্তিম আৰু অৰ্ণৱৰ মাতৃও নৰিয়াত পৰিল । শাহুৱেকৰ আলপৈচান ধৰিব লাগিব বুলি ৰক্তিমৰ কথাকো আওকাণ কৰি ৰাজনন্দিনী মাকৰ ঘৰলৈ গুছি গ'ল । এফালে মাকে ধৰাধাম এৰি যোৱাৰ আগতেই নুমলীয়া পো অৰ্ণৱৰ বিয়াখন চাব বিচাৰে ।মাতৃৰ কথা ভাবি অনিচ্ছা স্বত্বেও অৰ্ণৱে এখন অতি দুখীয়া চহা কৃষকৰ একমাত্ৰ ছোৱালী " মালৱিকা "ক বিয়া কৰালে । বিয়াৰ সেইটো বছৰতেই তাই দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । আঠমঙলাৰ দিনা আবেলি ন কইনা ৰক্তিমহঁতৰ ঘৰত খোজ পেলোৱাৰ লগে লগেই শুনা গ'ল মালৱিকাই উপাৰ্জনৰ পথ বিচাৰি পোৱাৰ বাতৰি ।উদুলি - মুদুলি বিয়াঘৰ । সকলোৱে কেৱল চিঞৰিলে --- "" আমাৰ কইনাই চাকৰি পালে........""। চাকৰিত যোগদান কৰাৰ প্ৰথম দিনাই মালৱিকাই হুকহুকাই কান্দি দিছিল ।ঘৰৰ কামবোৰ কৰি গা- মুৰ ধুই থাপনাত পৰমেশ্বৰক সেৱা জনাই,শাহুৱেক আৰু ভাই শহুৰ ৰক্তিমক চৰণত ভক্তিভাৱেৰে সেৱা জনালে । নিজৰ বহুমূলীয়া সময় আৰু সাধনাৰ ফলশ্ৰুতিত পোৱা চাকৰিটো পোৱাৰ বাবে মালৱিকা বহু সুখী । দেশসেৱাৰ লগতে নিজৰ ঘৰখনক সেৱা কৰাটোৱেই তাইৰ জীৱনৰ মহান ব্ৰত । নিষ্ঠাবান সেৱিকা তথা গৃহিণী ৰূপী ভাই বোৱাৰী মালৱিকাক দেখি ৰক্তিমৰ দুচকুৰে দুধাৰি আনন্দৰ চকুপানী বৈ গ'ল আৰু সকলোকে চিঞৰি চিঞৰি ক'লে : এয়াই সংস্কাৰী ঘৰৰ গৃহলক্ষ্মী মোৰ "ভাই বোৱাৰী "। এনেদৰে দিন বাগৰি গৈয়েই থাকিল।
অহংকাৰী ডাঙৰ বোৱাৰী ৰাজনন্দিনীৰ হেনো ঘৰৰ প্ৰতিজন সদস্যৰেই মৃত্যু হ'ল ।।তাই কৰা পাপৰ ফল গোটেই ঘৰখনে ভুগিলে । তাইও হেনো এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত । কোনো এজন মনুষ্য নাই তাইৰ এটা খবৰ ল'বলৈ । আনফালে মালৱিকাৰ আলপৈচানে মৃত্যুমুখলৈ যোৱা ৰক্তিম আৰু অৰ্ণৱৰ মাতৃকো কিঞ্চিৎ পূৰ্বতকৈ সুস্থ কৰিলে । এয়া যেন এগৰাকী নিষ্ঠাবান ভাই বোৱাৰীৰ উৎকৃষ্ট কৰ্মৰ নিদৰ্শন।।
✒️অলকেশ কাকতি
জিলা নলবাৰী
কামৰূপ কলেজ চামতা
তৃতীয় ষান্মাষিক
দৰ্শন বিভাগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ