পুহৰ নঙলা খুলি ভোগালী আহিল | ভোগালী আহি পদুলি মুখ পালেহি | পুহমহীয়া জাৰত কপি নিহালিখন লওঁ , মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ | ভোগৰ উছব আমাৰ ভোগালী | আমাৰ প্ৰাণৰ , হিয়াৰ আমঠু ভোগৰ উছব আমাৰ ভোগালী বিহু | যাক বাদ দি আমাৰ নিজৰ জাতিটোৰ কথা চিন্তা কৰিব নোৱাৰোঁ | বিহু আমাৰ আয়ুস ৰেখা | পুহ মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয় | তাৰ আগদিনা উৰুকা | মাঘ বিহুৰ স্বকীয় মৰ্যাদা উৰুকাত পৰিস্ফুট হৈ উঠে | জাতিৰ ঐক্যতা , পৰিয়ালৰ , ওচৰ চুবুৰীয়াৰ ঐক্যতাৰ প্ৰমাণ পোৱা যায় | এই সময়ত পথাৰৰ সমূহৰ শস্য আহি ভঁৰালত জমা হয় | বস্তু উভৈনদী হয় | কিমান যে বস্তু চিৰা , সান্দহ , পিঠা , লাৰু , কাঠ আলু , মুৱা আলু আদি বিধে বিধে বস্তু | ভোগ কৰাৰহে কথা | নতুন ধানৰ নতুন চাউলেৰে আমাৰ গৃহিণী সকলে কিমান যে বস্তুৰ যোগাৰ কৰে | কিমান ধৰণৰ যে পিঠা | তিলৰ পিঠা , নাৰিকলৰ পিঠা , চুঙা পিঠা , খোলা চপৰীয়া পিঠা , তেল পিঠা , ঘিলা পিঠা , ককাল ভঙা পিঠা , টেকেলি মুখত দিয়া পিঠা , পিঠাই পিঠা | এইবোৰ আমাৰ গৌৰৱৰ বস্তু স্বাভিমানৰ বস্তু | ইয়াৰ লগত আজিৰ দিনটোৰ আধুনিক বস্তুৰ সৈতে তুলনা কৰিব নোৱাৰি | তাৰোপৰি প্ৰকৃতিয়েও ঋতু অনুযায়ী আমাৰ কিছুমান বস্তু অম্লান বদনে আগবঢ়াইছে | সেয়া আমাৰ সৌভাগ্য | মেজিৰ জুইত পুৰি খাবলৈ কাঠ আলু , মুৱা আলুও দিছে কি যে সোৱাদ | কথাখিনি লিখি থাকোঁতে অতীতৰ কথা মনত পৰি জিভালৈ পানী আহিছে | কিন্তু কৰিম এয়া মোৰ বাবে দুৰ্ভাগ্য বুলিয়েই ধৰি লৈছোঁ | সেই সুযোগ আৰু সুবিধা এতিয়া নোপোৱা হ'লোঁ | ক'ত যে এৰি থৈ আহিলো দিনবোৰ | নে আমিয়েই সলনি হলোঁ| যি নহওক বাস্তৱক স্বীকাৰ কৰি ল'বলৈ শিকিছোঁ | আয়ে এই ধৰাধাম এৰি থৈ বৈকুণ্ঠগামী হোৱাৰ পিছৰ পৰা এনেবোৰ প্ৰকৃতিৰ লগত সংযুক্ত থকা কথাবোৰৰ পৰা আতৰি আহিবলৈ লৈছোঁ | থাওকতে পোৱা সহজলভ্য বস্তুৰ বাবে সকলোৱে আকৰ্ষিত হলোঁ | মোৰ নিজা বস্তুবোৰৰ পৰা আঁতৰি আহিলোঁ | সেয়া মোৰ বাবে কেৱল দুৰ্ভাগ্য জনকেই নহয় দুখজনকো |
তথাপি মাঘৰ মাদকতা কেনেকৈ পাহৰিম | উৰুকাৰ ৰাতিৰ সমূহীয়া ভোজৰ আনন্দ কিম্বা সেই ভোগৰ সোৱাদৰ কথা কাৰ সৈতে ভগাই ল'ম ৷ মেজিৰ জুইত অসূয়া অমংগল জাহ যোৱাৰ প্ৰাৰ্থনা জনাই সেৱা কৰি পৰিয়ালৰ লগত একেলগে বহি চিৰা দৈ গুৰৰে সৈতে জলপান , পিঠা , তিলৰ লাৰুৰ সোৱাদ লোৱা কিমান আনন্দকৰ সেয়া ভাৱিলে ভাল লাগি যায় |
দক্ষিণ কামৰূপৰ জনসমাজত বিশেষ ভাৱে সমাদৃত মাহ কৰাই আৰু মাঘী পন্তাৰ সোৱাদ মনত ৰাখিব লগীয়া | মাহকৰাই এবিধ মুখৰোচক খাদ্য | মাটিমাহ , বৰা চাউল , তিল , বুট , মিহিকৈ কটা আদা সোৱাদৰ দোষত নিমখ মিলাই প্ৰস্তুত কৰা হয় | কি যে সোৱাদ বাহ ঃ |
মাঘীপন্তা হৈছে পুহৰ সংক্ৰান্তিৰ দিনা মানে বিহুৰ দিনা নিশা খাদ্য কিছু বেছিকৈ ৰন্ধা হয় | ৰাতি খাই সেই খাদ্যখিনি থৈ দিয়ে পিছদিনা মাঘৰ এক তাৰিখ | আগৰাতি ৰন্ধা খাদ্য সামগ্ৰীখিনি পিছৰ দিনা পন্তা হ'ল | মাঘমাহ বাবে সেয়া মাঘীপন্তা | পৰিয়ালৰ আটায়ে সেইদিনা পুৱা গা পা ধুই একেলগে মাঘী পন্তা খাই ইও এক পৰম্পৰা |
এইয়া আমাৰ ভোগালী | য'ত ভোগৰ অন্ত নাই | আমাৰ ভোগালী বিহুৰ আচাৰ অনুষ্ঠান বৰ প্ৰিয় | দক্ষিণ কামৰূপৰ আন এক পৰম্পৰা হ'ল বিহুৰ দিনা কাহিলি পুৱাতে উঠি ঘৰৰ গৃহস্থই বাৰীত থকা লাগতিয়াল যিবোৰ ফলৰ গছ আছে তাত তমালেৰে বান্ধ এটা দিয়ে আৰু লাখুটি এডালেৰে টঙনীয়াই টঙনীয়াই চিঞৰি চিঞৰি কয় লাগ ঐ লাগ , লাগ | এনেদৰে কৰিলে হেনো গছত ফল বেছিকৈ লাগে | এয়া বিশ্বাস | মাঘৰ বিহুত আমি মেজিৰ জুই পুৱাম , অগ্নিক সেৱা কৰিম, জুইত কাঠ আলু পুৰি খাম তিলৰ লাৰুও খাম...।
✍হেমেন হাজৰিকা,কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ