ৰঙামুৱা~প্ৰিয়ংকা গায়ন

Rinku Rajowar
0
ঐ শুনচোন,তোক কৈছো 
মোৰ ৰঙামুৱা।
তই যে মোৰ বুকুৰ আমঠু
মৰম আকলুৱা।
আপোন প্ৰাণৰ  ধন
গুচি গ'লি কিয়?
মইচোন ৰৈ আছো তোলৈ
উভতি নাহিলি কিয়?
ঐ ৰঙামুৱা,
তোক আজি সকলোৱে
শতকোটি প্ৰণাম কৰিছে  অ',
সকলোৱে আজি তোৰ হৈ
এগছি বন্তি প্ৰজ্বলন কৰিছে অ'।
ঐ ৰঙামুৱা,
মই আকৌ তই আহিবি বুলি
পদূলিৰ সোণাৰু জোপাৰ তলতে
বহি আছো অ'।
তই চোন পতাকা মেৰিয়াই
বগা কাপোৰৰ তলত আহিছ!
মাতৃক ৰক্ষাও কৰিলি
আইৰ বুকু উকাও কৰিলি
ঐ ৰঙামুৱা!


✍🏻প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)