আশ্ৰয়-অণুগল্প~কানন বৰুৱা

Rinku Rajowar
0
বুকুত কন্যা সন্তানটি বান্ধি ধনৱতী মালিকৰ ঘৰত আশ্ৰয় বিচাৰি নিশা ৯:০০ মান বজাত উপস্থিত হ'লহি। মালিক মালিকনিয়ে বোলে আশ্ৰয় দিব লাগে। তাই
কান্দি কাটি বাউল হ'ল।মানুহটোৱে বোলে মদ খাই আহি ৰাতি তাইক খুউব পিটিলে।মালিকনীয়ে প্ৰথমে ৰুমৰ অভাৱ হেতুকে তাইক থাকিবলৈ দিবলৈ অমান্তি হ'ল।
                কিহৰ বাবে এনে হ'ল সোধাত ধনৱতীয়ে ক'লে-"মই এটা পুত্ৰ সন্তান মানুহটোৰ হাতত তুলি দিব লাগে"।।নহ’লে ৰাতি মদ খাই আহি মোক সদায় খুবেই মাৰে।মই আৰু কিমান সহিম চাৰ,বাইদেউ।আগৰ ছোৱালী দুজনী দেখিলেইতো কথাই নাই, সি চোঁচা লৈ আহে।আজি নিশাটো মই বাৰাণ্ডাতে কটাম চাৰ। কাইলৈ পাৰিলে মোক এটা খেৰৰ ঘৰকে সাজি দিয়ক । মই একেবাৰে গুচি আহিলোঁ,এসাজ ভাতৰ বিনিময়ত মই আপোনালোকৰ সকলো কাম কৰি দিম।মোক আশ্ৰয় দিয়ক চাৰ।মালিকনীয়ে সেমেকা চকু হালেৰে ফুল কুমলীয়া শিশুটিৰ মুখলৈ চাই কোলাত তুলি লৈ সাৱটি ধৰিলে।
                                 
🖋️কানন বৰুৱা
চিৰিং চাপৰি(ডিব্ৰুগড়)
                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)