কিমকিম-অণুগল্প~চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
সুউচ্চ ডচু লা পাচৰ পৰা গাড়ীখন সোঁ-সোৱাই নামি আহি পুনাখা ভেলী পোৱাৰ আগে আগে  ড্ৰাইভাৰজনে টেক্সীখন এখন সৰু হোটেলৰ কাষত ৰখাই দিলে ৷ তাত হেনো ভাল ম’ম’ পোৱা যায় ৷  ৰিদিপে আকৌ ভূটানলৈ আহিলে ইয়াকৰ গাখীৰেদি বনোৱা কেয়া দাচি খাইহে ভাল পাই ৷ ম’ম’ একপ্লেট অৰ্ডাৰ দি হোটেলৰ মেজখনত বহি থকাৰ মাজত সি লক্ষ্য কৰিলে এটা ১০/১১ বছৰীয়া ধুনীয়া মৰম লগা ভূটীয়া ল'ৰাই এখন বহীত তাৰ টেক্সিখনৰ নম্বৰটো লিখবি ধৰিছে ৷  কিছুসময়ৰ পাছত আন এখন গাড়ী আহি ৰখাত সি পুনৰ উধাতু খাই লৰি গৈ সেই গাড়ীখনৰো নম্বৰটো লিখিলে ৷ অকনমানি ল'ৰাটোৱে এনেদৰে ইখনৰ পাছত খিখন গাড়ীৰ নম্বৰ লিখা কাৰবাৰটো চাই ৰিদিপে খুব ৰং পালে ৷
আহিবৰ সময়ত মৰমতে ল’ৰাটোৰ হাতৰ পৰা বহী খনলৈ চকু ফুৰাই ৰিদিপ আচৰিত হ'ল ৷ ল’ৰাটোৱে কমেও পাঁচশ মান গাড়ীৰ নম্বৰ টুকি ৰাখিছে ৷ তাৰ ধৈৰ্য্য আৰু একাগ্ৰতা দেখি সি  এই গাড়ীৰ নম্বৰবোৰ লিখি কি আমোদ পাই সুধিলে ৷ ৰিদিপৰ প্ৰশ্নত  লৰাটোৱে অবুজ চাৱনিৰে তালৈ চাই  ৰ'ল ৷
তাকে দেখি হোটেলৰ কাউন্টাৰত বহি থকা ভূটীয়া মানুহজন আগ বাঢ়ি আহি ৰিদিপক কলে, মহাশয় মোৰ ল'ৰা কিমকিমে হিন্দী ক'ব নোৱাৰে ৷ আজি এমাহ মান  আগতে সি এজন গ্ৰাহকৰ পৰা হিচাপত ভূল কৰি  অলপ মান টকা বেচিকৈ ৰাখিলে ৷ লোকৰ ধন আত্মসাৎ কৰাটো মহা পাপ ৷ মানুহজনক বিচাৰি টকাখিনি ঘুৰাই দিলেহে গুৰু ৰিনপোচেই ক্ষমা কৰিব ৷             
       গ্ৰাহকজনক বিচাৰি পোৱাটো সহজ কথা নহব ৷ কিন্ত সৌভাগ্যক্রমে মানুহজনৰ গাড়ীখনৰ নম্বৰটোৰ কেইটামান সংখ্যা তাৰ মনত আছে ৷ কিমকিমৰ দৃঢ় বিশ্বাস সি এদিন হলেও গ্ৰাহকজনক বিচাৰি উলিয়াব ৷ সেইকাৰণে সি গাড়ী দেখিলেই নম্বৰ সমূহ লিখি সেই গ্ৰাহকজনক বিচাৰিবলৈ চেষ্টা কৰে ৷ 
মানুহজনৰ কথাত ৰিদিপ কিছুসময়ৰ কাৰণে শিল পৰা কপৌৰ দৰে  থৰ লাগি থাকি কিমকিমৰ মুৰত মৰমেৰে হাতখন বুলাই টেক্সিৰ চিটত বহি পৰিল ৷

🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)